নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত ঘোচ লৈ ভিজিলেঞ্চ আৰু এণ্টি কৰাপচনৰ জালত লাটমণ্ডল

নিয়মীয়া বাৰ্তা, ১৮ মে’: নগৰবেৰাত ভিজিলেন্স আৰু এণ্টি কৰাপচন’ বিভাগৰ আজিৰ এক অভিযানত ঘোচ লৈ থকা অৱস্থাত আটক হয় নগৰবেৰা ৰাজহ চক্ৰৰ মহেন্দ্ৰ নাথ নামৰ মন্দিৰা-মালিবাৰী লাটৰ লাট মণ্ডল। ভিজিলেন্স আৰু এণ্টি কৰাপচন’ৰ অতৰ্কিত অভিযানত লাট মণ্ডল মহেন্দ্ৰ নাথক ঘোচ লোৱা অৱস্থাত হাতে-লোটে ধৰা পৰে। জানিব পৰা মতে মাটিৰ পট্টাৰ বাবদ এজনৰ পৰা নগদ চাৰি হাজাৰ টকা লৈ আটক হয় লাটমণ্ডল গৰাকী। আনহাতে ধৃত মণ্ডলে নিজমুখে স্বীকাৰ কৰে চাৰি হাজাৰ টকা লোৱাৰ কথা ।

স্মৰ্তৱ্য যে নগৰবেৰা ৰাজহ চক্ৰত একাংশ মণ্ডলে দীৰ্ঘদিনৰে পৰা মাটিৰ বিভিন্ন কামত হিতাধিকাৰীৰ পৰা সোঁৱে-বাওঁয়ে ধন আদায় লোৱাৰ অভিযোগ। তাৰ মাজতেই আজি বৃহস্পতিবাৰে ভিজিলেঞ্চ আৰু এণ্টি কৰাপচন’ৰ দলটিয়ে হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় ঘোচখোৰ লাটমণ্ডল গৰাকীক। দলটিয়ে ভূমিলেখ্য কাৰ্যালয়ৰ ভিতৰত দীৰ্ঘকাল ৰুদ্ধদ্বাৰ জেৰা চলায় লাট মণ্ডল মহেন্দ্ৰ নাথক। উল্লেখ্য যে কিছুদিনৰ পূৰ্বে নগৰবেৰাৰ আন এজন মণ্ডলকো হাতে-লোটে ধৰিছিল দুৰ্নীতি নিবাৰক শাখাই।

@ প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস/নগৰবেৰা

You might also like