নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিলা সভাপতিক অপসাৰণৰ দাবী অগপৰ চাৰি বিধান পৰিষদৰ

নিয়মীয়া বার্তা, ১০ জানুৱাৰীঃ সমাগত বিধানসভা নির্বাচনৰ বাবে ৰাজ্যৰ প্রতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বন্ধাৰ সময়তে অসম গণ পৰিষদৰ দৰং জিলা সমিতি জর্জৰিত হৈছে আভ্যন্তৰীণ কন্দল আৰু বাদ–বিসম্বাদত৷

দলটোৰ ভিতৰভাগত চলি থকা লবীকেন্দ্রিক সংঘাত ইমানেই তীব্রতৰ হৈ পৰিছে যে দলটোৰ জিলা সভাপতিগৰাকীকেই অপসাৰণৰ মুকলি দাবী উত্থাপন হৈছে৷ জিলা সমিতিৰ চাৰিখন বিধান পৰিষদে কেন্দ্রীয় সমিতিলৈ সাতদফীয়া অভিযোগ–পত্র প্রেৰণ কৰি জিলা সভাপতি কমলেশ্বৰ বৰুৱাক অপসাৰণ কৰি নতুনকৈ এগৰাকীক সভাপতি পাতিবলৈও দাবী উত্থাপন কৰিছে৷

মঙলদৈ, ছিপাঝাৰ, কলাইগাঁও আৰু দলগাঁও বিধান পৰিষদৰ বিষয়ববীয়া স্বাক্ষৰিত এই অভিযোগ–পত্র ইতিমধ্যে কেন্দ্রীয় সভাপতি অতুল বৰালৈ প্রেৰণ কৰাৰ লগতে কার্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ক্রমে কমলা কলিতা, ফণীভূষণ চৌধুৰী, বীৰেন্দ্র প্রসাদ বৈশ্য আৰু ৰমেন্দ্র নাৰায়ণ কলিতালৈও প্রেৰণ কৰে৷ ক্ষুব্ধ বিধান পৰিষদৰ বিষয়ববীয়াসকলে সভাপতিলৈ প্রেৰণ কৰা এই অভিযোগ–পত্রত বিগত পঞ্চায়ত নির্বাচনৰ সময়ত সভাপতিগৰাকীয়ে নিজাববীয়াকৈ এগৰাকীও প্রার্থী থিয় কৰাব নোৱাৰা বুলি উল্লেখ কৰি তৃণমূল পর্যায়ৰ কর্মী একগোট হৈ থিয় কৰোৱা প্রার্থীৰ হৈও নির্বাচনী প্রচাৰ নচলোৱাৰ অভিযোগ তুলিছে৷

ইয়াৰ বিপৰীতে বিজেপিৰ প্রার্থীৰ হৈহে প্রচাৰ চলাইছে বুলি উল্লেখ কৰিছে৷ একেদৰে বিগত দহ–বাৰ বছৰ ধৰি জিলা সমিতিৰ সম্পাদক আৰু সভাপতি পদত অধিষ্ঠিত হৈ থকাৰ পিছতো জিলাখনত সাংগঠনিক ভেটি সুদৃঢ়কৰণত কোনো গুৰুত্বই নিদিলে বুলি উল্লেখ কৰিছে অভিযোগ–পত্রত৷ একেদৰে জিলা সমিতি গঠন প্রক্রিয়াত কেৱল নিজৰ পছন্দৰ কেইগৰাকীমান ব্যক্তিক বিষয়বাব দি সম্পূর্ণ নিজ খেয়ালখুচিত দল পৰিচালনা কৰা বুলিও অভিযোগ তুলিছে৷

তদুপৰি জিলা সমিতিখনত কোন কি বিষয়বাবত অধিষ্ঠিত আছে, সেয়া সভাপতিগৰাকীয়ে আজিপর্যন্ত ৰাজহুৱা নকৰাৰ লগতে সভাপতিগৰাকীৰ কার্যালয়ত উপস্থিতি একেবাৰে সীমিত হোৱাৰ বাবে দলীয় কর্মীয়ে লগেই নাপায় বুলিও উল্লেখ কৰিছে৷ ইফালে, সভাপতি কমলেশ্বৰ বৰুৱাই মিত্রতাৰ দোহাই দি বিজেপি বিধায়কৰ পৰা ঠিকা–ঠুকলি আদায়তহে বেছি ব্যস্ত থাকে বুলিও বিসম্বাদী বিধান পৰিষদৰ দাবী৷

ইয়াৰ বিপৰীতে কোনো এগৰাকী দলীয় কর্মীক কাম–কাজ আবণ্টনত সহযোগ নকৰে বুলিও অভিযোগ কমলেশ্বৰ বৰুৱাৰ বিৰুদ্ধে৷ আনহাতে, দৰং জিলাৰ দুটা সমষ্টিত এইবাৰ অসম গণ পৰিষদে নিজাববীয়া প্রার্থী থিয় কৰোৱাৰ বাবে কার্যনির্বাহকত গ্রহণ কৰা প্রস্তাৱো জিলা সভাপতিগৰাকীয়ে দীর্ঘদিন ধৰি কেন্দ্রীয় নেতৃত্বলৈ প্রেৰণ নকৰাকৈ থৈ দিয়াটোও বিশেষভাৱে আঙুলিয়াই শীঘ্রে সভাপতিগৰাকীক অপসাৰণৰ দাবী জনাইছে চাৰিখন বিধান পৰিষদে৷

You might also like