নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন পেন্সন নীতি বাতিলৰ দাবীত মোদীক সাক্ষাৎ কৰিব কর্মচাৰী পৰিষদে

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ৰাজ্যিক কর্মচাৰীসকলৰ বাবে ২০০৫ চনৰ পহিলা ফেব্রুৱাৰীৰ পৰা আৰম্ভ হোৱা নতুন পেন্সন আঁচনি বাতিল কৰি পুৰণা পেন্সন নীতি বাহাল ৰখাৰ দাবী জনাইছে সদৌ অসম কর্মচাৰী পৰিষদে৷ এই সম্পর্কত অহা ফেব্রুৱাৰী মাহৰ প্রথম পষেকত পৰিষদে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰি স্মাৰক–পত্র প্রদান কৰিব৷

পৰিষদৰ সভাপতি প্রদীপ দত্ত আৰু সম্পাদকপ্রধান মৃণাল দাসে এক বিবৃতিত কয় যে কেন্দ্রীয় চৰকাৰ আৰু অসম চৰকাৰে নতুন পেন্সন আঁচনি ঘোষণা কৰাৰ সময়তে কর্মচাৰী পৰিষদে ইয়াৰ তীব্র বিৰোধিতা কৰি আহিছে৷ নতুন পেন্সন নীতিৰ আধাৰত ৰাজ্য চৰকাৰৰ অৰিহণাৰ অংশ আৰু কর্মচাৰীৰ অৰিহণাৰ অংশৰ জৰিয়তে জমা কৰা পুঁজি ব্যক্তিগত প্রতিষ্ঠানত বিনিয়োগ কৰি অৱসৰ গ্রহণৰ সময়ত কর্মচাৰীক তাৰ লাভাংশসহ আদায় দিয়াৰ ব্যৱস্থা এক আত্মঘাতীমূলক সিদ্ধান্ত বুলি মত ব্যক্ত কৰি তেনে সিদ্ধান্ত বাতিল কৰিব লাগে বুলি ২০০৫ চনতে ৰাজ্য চৰকাৰৰ ওচৰত কর্মচাৰী পৰিষদে দাবী উত্থাপন কৰিছিল৷

যোৱা তিনি জানুৱাৰীত ডিব্রুগড়ত অনুষ্ঠিত পৰিষদৰ কেন্দ্রীয় কার্যনির্বাহক সভাই নতুন পেন্সন আঁচনি সন্দর্ভত বিতং পর্যালোচনা কৰি উক্ত আঁচনি বাতিলৰ দাবীত ভাৰতৰ প্রধানমন্ত্রীক স্মাৰক–পত্র প্রদানৰ লগতে অসমৰ মুখ্যমন্ত্রী, বিত্তমন্ত্রীৰ ওচৰতো স্মাৰক–পত্র প্রদানৰ সিদ্ধান্ত গ্রহণ কৰে৷ নতুন পেন্সন আঁচনিৰ অন্তর্ভুক্ত শিক্ষক–কর্মচাৰীসকলক অৱসৰৰ পাছত বিনিয়োগ কৰা প্রতিষ্ঠানসমূহৰ পৰা বর্তমানৰ চৰকাৰী পেন্সনাৰসকলে মাহিলি পেন্সন পোৱাৰ নিচিনাকৈ সঠিকভাৱে আদায় পাব বুলি আশ্বস্ত হ’ব পৰা নাই৷

আনহাতে, কেন্দ্রীয় তথা ৰাজ্য চৰকাৰেও এই সন্দর্ভত স্পষ্ট নীতি ঘোষণা নকৰি বিনিয়োগ প্রতিষ্ঠানৰ ওপৰত কর্মচাৰীৰ ভাগ্য এৰি দিছে৷ শেহতীয়াভাৱে সমগ্র ভাৰতবর্ষতে নতুন পেন্সন নীতিৰ বিৰুদ্ধে কর্মচাৰীসকলে প্রতিবাদী সংগ্রাম আৰম্ভ কৰাত কেন্দ্রীয় চৰকাৰে কর্মচাৰীসকলৰ বাবে মৃত আৰু অৱসৰকালীন গ্রেছ্যুইটী আৰু চৰকাৰৰ অৰিহণাৰ অংশ ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়৷

ৰাজ্য চৰকাৰকো একে নীতি গ্রহণ কৰাৰ বাবে কর্মচাৰী পৰিষদে দাবী উত্থাপন কৰাত যোৱা ৩০ ছেপ্টেম্বৰত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে হোৱা আলোচনামর্মে ১৪ শতাংশলৈ চৰকাৰৰ অৰিহণা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু সেই সিদ্ধান্ত অনুসৰি ইতিমধ্যে পহিলা এপ্রিল, ২০১৯ৰ পৰা অতিৰিক্ত ৪ শতাংশ আদায় দিয়াৰ বাবে নির্দেশনা দিছে৷

নতুন পেন্সন আঁচনিৰ কর্মচাৰীৰ অৱসৰকালীন গ্রেছুইটী সন্দর্ভত যোৱা ২১ নৱেম্বৰত মুখ্যমন্ত্রী আৰু বিত্তমন্ত্রীৰ সৈতে হোৱা আলোচনামর্মে শীঘ্রে গ্রেছুইটীৰ নির্দেশনা দিয়াৰ বিষয়ে প্রকাশ কৰে৷ বিবৃতিটোত উল্লেখ কৰা অনুসৰি নতুন পেন্সন নীতি বাতিলৰ দাবীত কর্মচাৰী পৰিষদে আগন্তুক দিনত সংগ্রাম আগবঢ়াই নিবলৈ সংকল্পবদ্ধ হৈছে৷

বিদ্যালয় প্রাদেশিকীকৰণ আৰু অনিয়মীয়া কর্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ পাছত শেহতীয়াভাৱে অৱসৰ গ্রহণ কৰা কর্মচাৰীয়ে নতুন পেন্সন নীতিৰ আধাৰত ন্যূনতম মাহিলি সাহায্যৰ অংশ লাভ কৰি আছে৷ তেনে কর্মচাৰীয়ে বর্তমান লাভ কৰি থকা অংশসহ মূল বেতনৰ ৫০ শতাংশ অংশ দিয়াৰ ব্যৱস্থা কৰিবলৈ পৰিষদে চৰকাৰক দাবী জনায়৷ আনহাতে, জনতা ভৱনত সচিবালয় সপ্তাহৰ নামত সংঘটিত ২৮ লাখ টকাৰ ব্যাপক দুর্নীতি সন্দর্ভত চৰকাৰক উপযুক্ত তদন্ত কৰাৰ দাবী জনায়৷

You might also like