নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কনিষ্টবল অমিয় কলিতাক পুৰস্কাৰ ডিজিপিৰ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ  গুৱাহাটী মহানগৰীৰ ধূলিয়ৰি পথ পানীৰে পৰিষ্কাৰ কৰি প্রশংসা লাভ কৰিছে অমিয় কলিতা নামৰ এগৰাকী আৰক্ষী কনিষ্টবলে৷ দিছপুৰ থানাৰ যান–বাহন শাখাত কর্মৰত কনিষ্টবল অমিয় কলিতাই   ছুপাৰ মার্কেট পইণ্টত ধূলিময় পথ পানীৰে পৰিষ্কাৰ কৰাৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই কলিতাক প্রশংসা কৰে৷ লগতে আৰক্ষী বিষয়া–কনিষ্টবলক উৎসাহিত কৰা কার্যৰ বাবে কলিতাক ৫,০০০ টকাৰ পুৰস্কাৰ প্রদান কৰে৷

You might also like