৭০ নহয়, বিদেশী এনজিঅ’ই দিছে ১৩৮ কোটিঃ বদৰুদ্দিন আজমল
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ বিশ্বৰ কেইবাটাও দুর্ধর্ষ সন্ত্রাসবাদী সংগঠনৰে জড়িত বিদেশী সংস্থাৰ পৰা আজমল ফাউণ্ডেচনে পুঁজি লাভ কৰা বুলি শেহতীয়াকৈ লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা সংস্থাই উত্থাপন কৰা বিস্ফোৰক অভিযোগক কেন্দ্র কৰি সৃষ্টি হৈ থকা প্রতিক্রিয়াৰ মাজতে স্পষ্টীকৰণ দাঙি ধৰিলে বদৰুদ্দিন আজমলে৷ এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীয়ে এই অভিযোগ নস্যাৎ কৰি কয় যে বিদেশৰ পৰা আজমল ফাউণ্ডেচনলৈ ৭০ কোটি নহয়, ১৩৮ কোটি টকা আহিছে৷ এই সমূদায় ধনৰ হিচাপ–নিকাচ ফাউণ্ডেচনৰ হাতত মজুত আছে৷ হোজাইৰ বিষ্ণুপল্লীৰ আজমল ফাউণ্ডেচনৰ মুখ্য কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি আজমলে ধন যোগান ধৰা এন জি অ’সমূহৰ সন্ত্রাসবাদৰ লগত সম্পর্ক নাই বুলিও আজি ক্লীনশ্বিট দিয়ে৷
লগতে পঢ়কঃ ৬৬ বছৰীয়া দেউতাক বিয়া কৰাই দিলে পুত্ৰই, ৬৩ বছৰীয়া নতুন মাতৃ পায় সম্পূর্ণ হ’ল পৰিয়াল
উল্লেখ্য যে ফ’ৰেইন কণ্ড্রিবিউচন ৰেগুলেচন এক্ট ভংগ কৰি আজমল ফাউণ্ডেচনে বিগত সময়ছোৱাত বিদেশী পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগ কৰিছিল লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ সংগঠনটোৱে৷ সেয়াই নহয়, সংগঠনটোৱে প্রকাশ কৰা তথ্য অনুসৰি আজমল ফাউণ্ডেচনে আই এইচ এইচ–ইনচানি ইয়াৰডিম ভাক্ফি, গ্রেট ব্রিটেইনৰ আল–ইমদাদ ফাউণ্ডেচন, মুছলিম এইড আদি সংগঠনৰ পৰা পুঁজি লাভ কৰি আহিছে৷ লক্ষণীয়ভাৱে এই সংগঠনসমূহে কেইবাটাও ইছলামিক সন্ত্রাসবাদী সংগঠনক ধন যোগান ধৰাৰ অভিযোগ আছে৷ লিগেল ৰাইটছ অবজাৰভেটৰীয়ে উত্থাপন কৰা এই অভিযোগৰ পাছতে এতিয়া বদৰুদ্দিন আজমল তথা আজমল ফাউণ্ডেচনক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ ৰাজ্যজুৰি সৃষ্টি হোৱা এনে প্রতিক্রিয়াৰ মাজতেই আজি স্পষ্টীকৰণ দাঙি ধৰি আজমলে কয় যে তেওঁৰ ফাউণ্ডেচন কোনো কেলেংকাৰিত জড়িত নহয়৷ উত্থাপিত অভিযোগসমূহ ভিত্তিহীন৷
বদৰুদ্দিন আজমল আৰু ফাউণ্ডেচনৰ সঞ্চালক ড০ খছৰুল ইছলামে সংবাদ মেলখনত উক্ত সকলো অভিযোগ নস্যাৎ কৰি কয় যে ফাউণ্ডেচনলৈ দান–বৰঙণি আগবঢ়োৱা বিদেশৰ যিবোৰ সংস্থাৰ বিৰুদ্ধে তথ্য অবিহনে অভিযোগ অনা হৈছে, সেই অভিযোগে দৰাচলতে ভাৰতৰ গৃহ মন্ত্রালয়ৰ স্বচ্ছতা আৰু পাৰদর্শিতাকহে জবাবদিহি কৰে৷ কাৰণ ভাৰত চৰকাৰৰ গৃহ মন্ত্রালয়ে সেই বিদেশী সংস্থাক বৰঙণি আগবঢ়োৱাৰ অনুমতি দিয়ে, যিবোৰ সংস্থা স্বচ্ছ আৰু নিকা বুলি চৰকাৰৰ ওচৰত গ্রহণযোগ্য হয়৷ যদি সন্ত্রাসবাদৰে যুক্ত কোনো সংস্থাই ভাৰতত অনুদান আগবঢ়াইছে, তেন্তে তাৰ বাবে দায়ী গৃহ মন্ত্রালয়হে৷ কিন্তু গৃহ মন্ত্রালয়ে সেই সংস্থাবোৰৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ নকৰা ঘটনাই বুজায় যে উত্থাপিত অভিযোগ ভিত্তিহীন৷ যিটো সংস্থাই এই অভিযোগ আনিছে, তেওঁলোকে নিজৰ হাতত থকা প্রমাণ গৃহ মন্ত্রালয়ক দিব পাৰে৷ দ্বিতীয়তে ব্রিটেইনৰ যি সংস্থাই বিদেশলৈ ধন প্রেৰণ কৰে, তেওঁলোকে সেই দেশৰ কঠোৰ নীতি–নিয়মৰ মাজেৰেহে এই কাম কৰিবলগীয়া হয়৷ গতিকে এই ধন আদান–প্রদানত সন্ত্রাসবাদৰ প্রসংগ অনা মানে দুয়োখন দেশৰ গৃহ আৰু বিদেশ মন্ত্রালয়ৰ স্বচ্ছতাৰ ওপৰত প্রশ্ণ আৰোপ কৰাকে বুজায় বুলি তেওঁ মন্তব্য কৰে৷ সঞ্চালক ড০ খছৰুল ইছলামে কয় যে আজমল ফাউণ্ডেচনে বৈদেশিক পুঁজি যি শিতানত লাভ কৰিছে, সেয়া সঠিকভাৱে ব্যয় কৰিছে৷ ব্যয়ৰ সম্পূর্ণ তথ্য ইতিমধ্যে ভাৰত চৰকাৰৰ গৃহ মন্ত্রালয়ত দাখিল কৰিছে৷ তেওঁ লগতে কয় যে যোৱা ২০০৫ চনৰ ১৮ জুলাইত আজমল পৰিয়ালে শিক্ষা তথা সামাজিক উন্নয়নৰ হকে সমাজসেৱা কৰিবলৈ স্থাপন কৰিছিল এই আজমল ফাউণ্ডেচন নামৰ স্বেচ্ছাসেৱী সংস্থাটো৷
লগতে পঢ়কঃ যৌৱনমেলা! মুক্ত যৌনতাৰ বাবেই পুনৰ আমেৰিকাত ক’ৰোনা সংক্রমণ…
ভাৰতীয় ড্রাষ্ট অধিনিয়ম ১৮৮২ৰ অধীনত ইয়াক ন্যাস হিচাপে চৰকাৰীভাৱে পঞ্জীয়ন কৰা হয়৷ সংস্থাটোৱে চৰকাৰৰ বিভিন্ন নিয়মাদি মানি দান–বৰঙণি গ্রহণ কৰাৰ বাবে ১২–এ আৰু ৮০–জিৰ প্রমাণ–পত্র লাভ কৰি সাধাৰণ ৰাইজৰ পৰা দান–বৰঙণি লৈ বিভিন্ন শিক্ষামূলক তথা সমাজ উন্নয়নমূলক কাম–কাজ কৰি আহিছে৷ বিদেশৰ পৰা দান–বৰঙণি লোৱাৰ কাৰণে ভাৰত চৰকাৰৰ সকলো নীতি–নিয়মৰ মাজেদি এফ চি আৰ এৰ অধীনত আজমল ফাউণ্ডেচন পঞ্জীভুক্ত হয়৷ এই আইন মতে এটা সম্পূর্ণ সুকীয়াকৈ একাউণ্ট খুলি ভাৰত চৰকাৰৰ গৃহ মন্ত্রালয়ৰ তত্ত্বাৱধানত বিভিন্ন আন্তর্জাতিক সংস্থা বা দাতাৰ পৰা দান–বৰঙণি গ্রহণ কৰিব পাৰে৷ আজমল ফাউণ্ডেচনে ২০১১–১২ চনত এই এফ চি আৰ এৰ অধীনত পঞ্জীয়ন লাভ কৰে৷ তাৰ পাছৰে পৰা বিভিন্ন আন্তঃৰাষ্ট্রীয় সংস্থা, বিশেষকৈ ব্রিটেইনস্থিত সংস্থাৰ পৰা বিভিন্ন সামাজিক উন্নয়নমূলক তথা শিক্ষাৰ প্রসাৰত আর্থিক বৰঙণি লাভ কৰি আহিছে আজমল ফাউণ্ডেচনে৷ উল্লেখ্য যে আজি সংবাদ মেলত বদৰুদ্দিন আজমলে তেওঁৰ ফাউণ্ডেচনলৈ ধনৰ যোগান ধৰা সংগঠনসমূহ সন্ত্রাসবাদী সংগঠনৰ সৈতে সম্পর্ক নাই বুলি উল্লেখ কৰে যদিও ইয়াৰ পূর্বে এই সংগঠনসমূহে বিদেশত কি কাম কৰে, তেওঁ নাজানে বুলি মন্তব্য কৰিছিল৷ আজমলে আজি ফাউণ্ডেচনক দান–বৰঙণি দিয়া সংস্থাবোৰ বিভিন্ন ধৰণৰ আপত্তিমূলক কাম–কাজত লিপ্ত থকাৰ যি অভিযোগ অনা হৈছে, সেয়া সম্পূর্ণ মিছা, ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত বুলি মন্তব্য কৰি কয়– যদি তেওঁলোকৰ বিৰুদ্ধে তেনে কোনো অভিযোগ থাকে, তেন্তে ভাৰতৰ স্বৰাষ্ট্র বিভাগে সেই সংস্থাসমূহক নিষিদ্ধ ঘোষণা কৰিলেহেঁতেন আৰু সেই সংস্থাৰ পৰা ভাৰতৰ কোনো সংস্থাই দান–বৰঙণি লাভ কৰা সম্ভৱ নহ’লহেঁতেন৷ তদুপৰি বিদেশৰ পৰা ৭০ কোটি টকা আনি আজমল ফাউণ্ডেচনে আন শিতানত ব্যয় কৰা বুলি লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ সংস্থাটোৱে যি অভিযোগ কৰিছে, সেয়া তথ্যৰ দ্বাৰা আধাৰিত নহয়৷কাৰণ আজমল ফাউণ্ডেচনে ২০১২–১৩ বর্ষৰ পৰা ২০২০–২১ বর্ষলৈ এফ চি আৰ এৰ মাধ্যমত মাত্র ১৩৮ কোটি ১০ লাখ ৬,৩৩৮.২০ টকা লাভ কৰিছে৷ উক্ত ধনৰ ১১ কোটি ৯৫ লাখ ৯ হাজাৰ ৩৪২ টকা শিক্ষাৰ বাবে লাভ কৰা হৈছে৷ বাকী ধনখিনি বান, গৰাখহীয়া, দুর্ভিক্ষ আদিত সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবেহে ধার্য কৰা আছিল৷ এই সমস্ত ধনৰাশি ব্যয়ৰ সকলো তথ্যপাতি কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ ওচৰত দাখিল কৰা হৈছে৷ সংবাদ মেলত সাংসদ আজমলে তেওঁৰ বিৰুদ্ধে অনা এই অভিযোগৰ আঁৰত ৰাজনৈতিক অভিসন্ধি থকা বুলি আঙুলিয়াই দিয়ে৷
নাম উল্লেখ নকৰাকৈ তেওঁ কয় যে মহাজেজাটবন্ধনত বাধা দিবলৈ তেওঁৰ বন্ধুৱেই তেওঁৰ বিৰুদ্ধে ষডযন্ত্র আৰম্ভ কৰিছে৷ তেওঁক ৰাজনৈতিকভাৱে ধ্বংস কৰিব বিচাৰিছে৷ আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে অভিযোগ অনা লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ সংগঠনটো বিজেপি–আৰ এছ এছৰ সংগঠন৷ আজমলে এই অপবাদৰ বিৰুদ্ধে সংশ্লিষ্ট সংস্থা তথা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰিব বুলিও আজি মন্তব্য কৰে৷ ইফালে আজমলে আজি স্পষ্টীকৰণ দাঙি ধৰাৰ পাছতেই তেওঁৰ ফাউণ্ডেচনলৈ বিদেশী সংস্থাৰ জৰিয়তে অহা ধনৰ ন ন তথ্য পোহৰলৈ অহা বুলি মন্তব্য কৰিছে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমক কয়– আজমলে যি সংগঠনৰ পৰা ধন লাভ কৰিছে, তাক ৰাজহুৱা কৰক৷ তেওঁ কওক– ক’ৰ ক’ৰ পৰা তেওঁ টকা পাই আছে৷ কিয়নো টকাসমূহ আজমলৰ একাউণ্টতহে সোমাইছে৷ তেওঁ অভিযোগ কৰা ধৰণে বিজেপি বা আৰ এছ এছৰ একাউণ্টলৈ অহা নাই৷ ড০ শর্মাই এনে ভয়ংকৰ অভিযোগ উত্থাপন হোৱাৰ পাছত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক আজমলৰ ওচৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়৷ তেওঁ কয়– আন্তঃৰাষ্ট্রীয় সন্ত্রাসবাদীক ধন যোগান ধৰা বিষয়টো যথেষ্ট ডাঙৰ তথা গুৰুত্বপূর্ণ বিষয়৷ এইবোৰৰ তদন্ত আৰম্ভ হ’লে ৰিপুণ বৰাৰো নাম সাঙোৰ খাই যাব৷ গতিকে তেওঁ আজমলৰ ওচৰৰ পৰা আঁতৰি থকাটোৱে ভাল হ’ব৷