নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ মগজুৰ বিকৃতি ঘটিছে

সাম্প্রদায়িক মন্তব্যৰ প্রতিক্রিয়া সাংসদ কুইন ওজাৰ

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ আজমলৰ মগজুৰ বিকৃতি ঘটিছে৷ সেইবাবে হকে–বিহকে প্রলাপ বকিব আৰম্ভ কৰিছে৷ ৰাজ্যত পুনৰ বিজেপি চৰকাৰ হ’লে বিজেপিয়ে মছজিদ ভাঙি দিব আৰু মুছলমান মহিলাসকলে বোর্খা পিন্ধিব নোৱাৰিব বুলি কৰা বিতর্কিত মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰি সাংসদ কুইন ওজাই এই মন্তব্য কৰে৷ আমিনগাঁৱত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্রীয় পথ সুৰক্ষা মাহ কার্যসূচীত অংশ লৈ সাংসদগৰাকীয়ে কয় যে ৰাজ্যত বিজেপি চৰকাৰ অহাটো নিশ্চিত হৈ পৰাত এতিয়া আজমলে সাম্প্রদায়িক মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে৷ উল্লেখ্য যে আমিনগাঁৱত কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আজিৰে পৰা ৰাষ্ট্রীয় পথ সুৰক্ষা মাহ আৰম্ভ হৈছে৷ অনুষ্ঠানত ৰাইজৰ মাজত পথ সুৰক্ষা সজাগতা বৃদ্ধিৰ লক্ষ্যৰে আমিনগাঁৱৰ পৰা কমলপুৰলৈ আজি বাইক ৰেলী এটাও উলিওৱা হয়৷ ৰেলীৰ ফ্লেগ অফ কৰি পিংক বাছত উঠি সমদলত অংশগ্রহণ কৰে গুৱাহাটীৰ সাংসদ কুইন ওজাই৷

You might also like