নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীক ডিঙি চেপি হত্যাঃ হত্যাকাৰী মইনুল হকৰ আত্মসমর্পণ হাতীগাঁও থানাত

নিয়মীয়া বার্তা, ২২ জানুৱাৰীঃ মহানগৰীৰ হাতীগাঁৱৰ ভাৰাঘৰত পত্নীক ডিঙি চেপি অতি নৃশংসভাৱে হত্যা কৰি আত্মগোপন কৰি থকা হত্যাকাৰী মইনুল হকে কালি হাতীগাঁও থানাত আত্মসমর্পণ কৰে৷ নিশা শোৱাপাটীতে পত্নীক নির্মমভাৱে হত্যা কৰি মৃতদেহটো বস্তাৰে বান্ধি বিছনাৰ তলত থৈ বিগত ছয় দিন ধৰি আত্মগোপন কৰা হত্যাকাৰী মইনুলে আত্মসমর্পণ কৰি আৰক্ষীৰ আগত বিস্ফোৰক স্বীকাৰোক্তি দিছে৷

নিশা ভিন্ন পুৰুষৰ সৈতে ঘৰৰ ভিতৰত বার্তালাপ কৰাই আছিল মইনুলৰ বিশেষভাৱে সক্ষম পত্নী ৰাশিদা বিবিৰ অপৰাধ৷ ঘৰৰ ভিতৰত প্রৱেশ কৰি নিশা পত্নীৰ সৈতে ভিন্ন পুৰুষক প্রত্যক্ষ কৰি তেওঁক প্রহাৰ কৰাৰ লগতে পত্নীক অকথ্য নির্যাতন কৰাই নহয় ঘটনাক পৰকীয়া প্রেমৰ ৰূপ দি নিশা শোৱাপাটীতে ডিঙি চেপি মইনুলে পত্নীক নৃশংসভাৱে হত্যা কৰে৷

তিনি বছৰীয়া কন্যা সন্তানৰ মাতৃ ৰাশিদাক হত্যা কৰি তেওঁ যোৱা ১৬ জানুৱাৰীৰ পুৱা আত্মগোপন কৰে৷ নিজৰ তিনি বছৰীয়া কন্যাক পূর্বৰ ভাৰাঘৰৰ গৰাকীৰ ওচৰত ৰাখি তেওঁ পলায়ন কৰাৰ দুদিন পিছত হাতীগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়া বীৰেন ডেকাক ফোনযোগে সকলো কথা অৱগত কৰি আত্মসমর্পণ কৰিব বুলি কোৱাত হত্যাকাণ্ড পোহৰলৈ আহে৷

আৰক্ষীয়ে হত্যাকাৰীৰে হোৱা টেলিফোনিক বার্তালাপৰ ভিত্তিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাকে ধৰি তদন্ত আৰম্ভ কৰে৷ নাটকীয়ভাৱে হত্যাকাৰীয়ে আত্মসমর্পণৰ কথা কোৱাৰ পিছতো কেইবাদিন ধৰি আত্মগোপন কৰি থকাৰ পিছত আৰক্ষীয়ে বিশেষ কৌশল অৱলম্বন কৰি হত্যাকাৰীক গ্রেপ্তাৰ কৰাৰ প্রাক্মুহূর্তত তেওঁ কালি হাতীগাঁও থানাত আত্মসমর্পণ কৰে৷ আৰক্ষীয়ে হত্যাকাৰী মইনুলক সম্প্রতি জেৰা অব্যাহত ৰাখিছে৷

You might also like