নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত গণৰাজ্য দিৱসৰ প্রস্তুতি তুংগতঃ ৰাজ্যপালে উত্তোলন কৰিব পতাকা

নিয়মীয়া বার্তা, ২২ জানুৱাৰীঃ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অহা ২৬ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা গণৰাজ্য দিৱস সুকলমে অনুষ্ঠিত কৰিবলৈ প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে মহানগৰ জিলা প্রশাসনে৷ উক্ত দিনা পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে৷

অহা ২৪ জানুৱাৰীৰ ভিতৰত গণৰাজ্য দিৱসৰ কার্যসূচীৰ সকলো কাম–কাজ সম্পূর্ণ কৰিবলৈ ইতিমধ্যে উপায়ুক্ত বিশ্বজিৎ পেগুৱে দিয়া নির্দেশমর্মে বিভিন্ন বিভাগে কাম–কাজ পূর্ণগতিত চলাই আছে৷ ইফালে, আৰক্ষী, অর্ধসামৰিক বাহিনীৰ জোৱানসকলেও গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্রহণৰ বাবে কুচকাৱাজৰ অনুশীলন চলাই আছে৷

ক’ৰোনা মহামাৰীৰ পৰিপ্রেক্ষিতত চৰকাৰৰ নির্দেশনা অনুসৰি ক’ভিড প্রট’কল মানি এইবাৰ গণৰাজ্য দিৱস উদ্যাপন কৰিবলৈ লোৱা হৈছে৷ গণৰাজ্য দিৱসৰ সকলো কার্যসূচী সফলতাৰে উদ্যাপন কৰিবলৈ জিলা প্রশাসনে ৰাইজৰ সহায়–সহযোগিতা একান্তভাৱে কামনা কৰিছে৷

এইবাৰ গণৰাজ্য দিৱসৰ কার্যসূচী অনুসৰি পুৱা ৪.৩০ বজাত প্রভাত গীতাঞ্জলি, ৭ বজাত চৰকাৰী কার্যবাহীসকলৰ চৰকাৰী বাসভৱনত ৰাষ্ট্রীয় পতাকা উত্তোলন, ৭.৩০ বজাত সকলো চৰকাৰী, অর্ধচৰকাৰী কার্যালয়, শিক্ষানুষ্ঠানত ৰাষ্ট্রীয় পতাকা উত্তোলন, ৯ বজাত পতাকা উত্তোলন, ১০ বজাত গুৱাহাটীৰ কেন্দ্রীয় কাৰাগাৰৰ কাৰাবন্দী, এমএমচিএইচ, বি বৰুৱা কর্কট প্রতিষ্ঠান, যক্ষ্মা চিকিৎসালয়ৰ ৰোগী, জালুকবাৰীৰ নিৰাশ্রয় গৃহ, ফটাশিল আমবাৰীৰ অনাথ আশ্রমৰ শিশু, বশিষ্ঠ অন্ধ বিদ্যালয়, কাহিলিপাৰাৰ মূকবধিৰ বিদ্যালয়ৰ ছাত্র–ছাত্রীৰ মাজত ফলমূল আদি বিতৰণ কৰা হ’ব৷ সন্ধিয়া ৬.৩০ বজাত চৰকাৰী বাসভৱন, ব্যক্তিগত বাসগৃহ আদিত বন্তি প্রজ্বলন কৰা হ’ব৷

You might also like