নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাপথাৰ অকাজনত ডাম্পাৰে মহতিয়ালে স্কুটি, থিতাতে নিহত দুজন

  •  ডাম্পাৰৰ দৌৰাত্ম্য নিয়ন্ত্ৰণ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ      
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত অকাজনত সংঘটিত হয় ভয়ঙ্কৰ পথ দুৰ্ঘটনা। থিতাতে নিহত হয় ডাম্পাৰ আৰোহী।আজি পুৱা ৯-৩০ বজাত  লিকাবালি কোৱাৰীৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা AS 22 C 8429 নম্বৰৰ বল্ডাৰ ভৰ্তি ডাম্পাৰ এখনে কোলাজানৰ পৰা চিলাপথাৰ অভিমুখে আহি থকা AS 06A E 1863 নম্বৰৰ স্কুটি বাহনখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। তীব্ৰবেগি ডাম্পাৰখনে ডেৰশ মিটাৰলৈকে স্কুটিখনক মহতিয়াই লৈ যায়। ভয়ংকৰ পথ দুৰ্ঘটনাটোত স্কুটি আৰোহী দুজন থিতাতে নিহত হয়। স্কুটি আৰোহী দুজন কোলাজানৰ কমলাকান্ত ৰেগনৰ পুত্ৰ বিকি(ভাইটি) ৰেগন আৰু খেমানি ৰেগনৰ পুত্ৰ নৱ(মেচাই) ৰেগন।  দিন হাজিৰা কৰি পৰিয়াল চলোৱা নৱ ৰেগন আৰু বিকি ৰেগনৰ পৰিয়ালত শোকৰ বন্যা ব’বলৈ ধৰিছে। চিলাপথাৰ নগৰত তীব্ৰ গতিত শিল-বালি কঢ়িওৱা ডাম্পাৰ দৌৰাত্ম্যৰ ফলতে সঘনাই  পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰিছে। দুৰ্ঘটনাবোৰত বহু লোকৰ প্ৰাণহানি হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰি ভূক্তভোগী ৰাইজে যান-বাহন চলাচলৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী-প্ৰশাসনক দাবী জনাইছে।
You might also like