নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ৯ মেট্ৰিক পৰীক্ষাৰ্থীক বহিষ্কাৰ

নিয়মীয়া বাৰ্তা ৯মাৰ্চ:: মৰিগাঁও জিলাৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আজি ৯গৰাকীকৈ পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰে । লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাকেন্দ্ৰত সমাজবিজ্ঞান বিষয়ৰ পৰীক্ষা চলি থকা সময়ত অসৎ উপায় অৱম্বনৰ অভিযোগত বহিষ্কাৰ কৰা হয় পৰীক্ষাৰ্থী কেইজনক । পৰীক্ষাকেন্দ্ৰটোত সমাজবিজ্ঞান বিষয়ৰ পৰীক্ষা আৰম্ভ হোৱা কিছুসময়ৰ পিছতে নকলৰ দৰে অসৎ উপায় অৱলম্বন কৰি ৮ ছাত্ৰী আৰু ১ছাত্ৰ মুঠ ৯ মেট্ৰিক পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰে । অৱশ্যে লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনিত শান্তিপূৰ্ণ ভাৱে পৰীক্ষা অনুষ্ঠিত হয়।

You might also like