নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপত হত্যাকাণ্ড; সুৰামত্ত পুত্ৰৰ মাৰত প্ৰাণ গ’ল পিতৃৰ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ:  নামৰূপ থানাৰ অন্তৰ্গত হাপ জান চাহ বাগিচাত সুৰা মত্ত  পুত্ৰৰ হাতত পিতৃ নিধন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নামৰূপ আৰক্ষীৰ পৰা প্ৰাপ্ত তথ্য মতে  কালি নিশা প্ৰায় আঠ বজাত হাপজান চাহ বাগিচাৰ মুৰাৰি লাইনৰ বাসিন্দা  জোছনেল মুৰাৰি(৩০)  আৰু ষাঠি বছৰীয়া পিতৃ ৰামমুক্তা মুৰাৰিৰ(৬০)  মাজত  কোনো কথাত   কাজিয়াৰ সূত্ৰপাত হয়। কাজিয়াই এনে পয্যায় পায়গৈ  অৱশেষত পুত্ৰই  কাষতে পোৱা এডাল লাঠিৰে  পিতৃৰ  মূৰত প্ৰচণ্ড মাৰ শোধোৱাত  পিতৃ ৰামমুক্তা   মাটিত পৰি যায় আৰু   প্ৰাণ বায়ু ওলাই যায়। ঘটনা সন্দৰ্ভত নামৰূপ আৰক্ষীয়ে খবৰ পোৱাত  তৎক্ষণাত থানাৰ ভাৰ প্ৰাপ্ত বিষয়া নীল কমল বৰুৱাৰ নেতৃত্বত আৰক্ষী দল ঘটনা থলিত উপস্থিত হয়। আৰক্ষীয়ে সুৰামত্ত  হত্যাকাৰী  পুত্ৰক লগেলগে কৰায়ত্ব কৰে।  লগতে নামৰূপ থানৰ কেচ নং 19 ত  এটা গোছৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধিআইন 302 ৰ ধাৰাৰ অধীনত  হত্যাকাৰীক  গ্ৰেপ্তাৰ কৰি আজি ডিব্ৰুগড় জেল হাজোত লৈ প্ৰেৰণ কৰিছে।

স্মৃতি নামৰূপ 

You might also like