নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুক্ষেত্ৰীৰ আমৃখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ

বিশেষ বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ নলবাৰী-বৰপেটাৰ সীমান্তৱৰ্তী সৰুক্ষেত্ৰী সমষ্টিৰ আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমৃখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ এখন ১২ ছেপ্টেম্বৰত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে সম্পন্ন হয়। পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আমৃখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ তালুকদাৰে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে আমৃখোৱা হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক প্ৰাণকান্ত তালুকদাৰে। বৃক্ষৰোপণ কৰে আমৃখোৱা হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক আদ্যনাথ তালুকদাৰে। ইয়াৰ পিছতে শিক্ষাবিদ অমিয় বৰ্মনৰ  সভাপতিত্বত অনুষ্ঠিত  মুকলি সভাৰ আতধৰে অধ্যক্ষ দিলীপ তালুকদাৰে। মুকলি সভাত উপাধ্যক্ষা মল্লিকা গোস্বামীৱে বৰগীত পৰিবেশন কৰাৰ উপৰিও কেইবাগৰাকীও প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে আধুনিক নৃত্য, বিহু নৃত্য, জ্যোতি সঙ্গীত, লোকগীত আদি পৰিবেশন কৰে। অনুষ্ঠানত প্ৰাক্তন শিক্ষাৰ্থী সকলে শিক্ষাগুৰু সকলক গামোচা, শৰাই, গছপুলি আদিৰে সম্বৰ্দ্ধনা জনায়। প্ৰায় ২৫০গৰাকী প্ৰাক্তন শিক্ষাৰ্থীয়ে অংশ লোৱা উক্ত অনুষ্ঠানৰ শেষত উপাধ্যক্ষা মল্লিকা গোস্বামীৱে শলাগৰ শৰাই আগবঢ়ায় ।

You might also like