নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাধৱদেৱৰ তিৰোভাৱ তিথিত জনসমুদ্ৰত পৰিণত  ঢেকীয়াখোৱা বৰনামঘৰ

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ভাদ মাহৰ শেষ হবলৈ দুটা দিন বাকী থকাৰ অৱস্থাত দিনে নিশাই সমানে ভক্তৰ সমাগম বৃদ্ধি পাইছে । আজি মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰা  অসমৰ বিভিন্ন প্ৰান্তৰ লোক সকল আহি ভিৰ কৰি‌ নেদেখা জনৰ চৰণত আশিষ লৈছেহি। আজি মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে নামঘৰৰ পৰিচালনা সমিতিয়েগায়ন-বায়ন, ঘোষা পাঠ, আৰু নাম কীৰ্ত্তনেৰে গুৰুজনাৰ তিথিত এখনি নৈবৈদ্য শৰাই আগবঢ়াই। পুৱাৰে পৰা ভকত বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে নামঘৰ প্ৰাংগন।  ইতিমধ্যে ভক্তসকলৰ মাজত বিভিন্ন সংগঠন তথা ব্যক্তিয়ে পানী, খোৱা বস্তুকে ধৰি বিতৰন কৰিছে নামঘৰ প্ৰাংগনত। জিলা প্ৰশাসনৰ তৰফৰ পৰা যান বাহন নিয়ন্ত্ৰণকে ধৰি বিভিন্ন ধৰণৰ আইন শৃংখল জনিত বিষয় সমূহ তদাৰক কৰি আছে । ইফালে পৰিচালনা সমিতিও ভক্ত সকলক নামঘৰৰ প্ৰসাদৰ নিৰ্মালী আৰু চাহেৰে আপ্ৰায়ন কৰি থকা দেখা গৈছে । ক্ৰমে হৰিনামৰ ধ্বনিৰে নামঘৰৰ  চৌদিশ মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। অন্যহাতে নৱ নিৰ্মিত শিশু উদ্যানতও কণ কণ শিশুৰ পৰিৱেশে নতুনত্ব বহন কৰিছে এইবাৰ  নামঘৰ চৌহদ । ৩১ ভাদ নিশা বিশ্বকৰ্মা পূজাৰ দিনা স্থানীয় যুৱক বৃন্দৰ দ্বাৰা মহাপুৰুষীয়া নাট ” ৰুক্মিনী হৰণ” ভাওনা প্ৰদৰ্শন হ’ব ।
প্ৰেৰক দিলীপ দত্ত
You might also like