নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰীতি খেলত নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া একাদশৰ জয়লাভ

বিশেষ বাৰ্তা, ১৫ ছেপ্টেম্বৰ : নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া একাদশ আৰু নাহৰকটীয়া প্ৰেছ গীল্ড একাদশৰ মাজত আজি এখন ক্ৰিকেট খেল অনুষ্ঠিত হয়। নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা তথা নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে উদ্বোধন কৰা খেলখনত টছত জিকি নাহৰকটীয়া প্ৰেছ গীল্ড একাদশে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজহ চক্ৰ একাদশে ভাস্কৰ বড়াৰ ২৩ ৰাণ, কল্পজিত গগৈৰ ১৭ ৰাণ আৰু চক্ৰ বিষয়া শৰৎ গগৈৰ ৯ ৰাণৰ বিনিময়ত নিৰ্ধাৰিত ১০ অভাৰত ২ টা উইকেট হেৰুৱাই ৫৭ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত প্ৰেছ গীল্ড একাদশে নৱজিত দেৱৰ ১৮ ৰাণ আৰু ৰাজীৱ সিংৰ ১১ ৰাণৰ সহায়ত নিৰ্ধাৰিত ১০ অভাৰত ৫ টা উইকেট হেৰুৱাই ৫৫ ৰাণ কৰি ২ ৰাণ ত পৰাজয় স্বীকাৰ কৰে। বলিঙত ৰাজহ চক্ৰ বিষয়া একাদশৰ হৈ প্রসেনজিত লালোৱাৰী য়ে দুটাকৈ উইকেট দখল কৰে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like