নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিয়া ভট্টাচাৰ্যক স্বাধীনতা সংগ্ৰামী কুন্তেশ্বৰী দত্ত সোঁ‌ৱৰণী বঁ‌টা প্ৰদান

🎯চিনামৰা মহাবিদ্যালয়ত মনোজ্ঞ অনুষ্ঠান

🎯ড° বন্দনা চৌধুৰীক চন্দ্ৰপ্ৰভা দত্ত, শিবানী বৰুৱা ফুকনক লাৱণ্য শইকীয়া আৰু পদ্মাৱতী কোঁ‌চক ৰঙিলী বৰা সোঁ‌ৱৰণী বঁ‌টা প্ৰদান

🎯’নাৰী কেতিয়াও অৱলা নহয়- নাৰী সদায় ত্যাগৰ প্ৰতীক’

বিশেষ বাৰ্তা, ২৮ মাৰ্চঃ যোৰহাট জিলাৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান চিনামৰা মহাবিদ্যালয়ত আজি এক মনোজ্ঞ বঁ‌টা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। চিনামৰা মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত স্বাধীনতা সংগ্ৰামী, শিক্ষাব্ৰতী মহিলা কুন্তেশ্বৰী দত্ত ৰাজ্যিক বঁ‌টাৰ লগতে অগ্ৰণী মহিলা চন্দ্ৰপ্ৰভা দত্ত, লাৱণ্য শইকীয়া আৰু ৰঙিলী বৰাৰ স্মৃতিত বঁ‌টা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে বিদ্যায়তানিক দিশৰ লগতে সামাজিক অৱদানৰ ভিত্তিত একোগৰাকীকৈ মহিলাক স্বাধীনতা সংগ্ৰামী কুন্তেশ্বৰী দত্ত ৰাজ্যিক বঁ‌টাৰ বাবে নিৰ্বাচিত কৰা হয়। চতুৰ্থ বৰ্ষত ভৰি দিয়া এই ৰাজ্যিক বঁ‌টা এইবাৰ গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা, বিশিষ্টা মহিলা, লেখিকা অমিয়া ভট্টাচাৰ্যক প্ৰদান কৰা হয়। আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা, গৱেষিকা ড° বন্দনা চৌধুৰীক শিক্ষাব্ৰতী মহিলা চন্দ্ৰপ্ৰভা দত্ত সোঁ‌ৱৰণী বঁ‌টা প্ৰদান কৰাৰ লগতে দক্ষ বয়নশিল্পী লাৱণ্য শইকীয়া সোঁ‌ৱৰণী বঁ‌টা বিশিষ্টা সাংস্কৃতিক কৰ্মী, যোৰহাটৰ মুনীন বৰুৱা সোঁৱৰনী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা শিবানী বৰুৱা ফুকনক আৰু সমাজব্ৰতী ৰঙিলী বৰা সোৱৰণী বঁ‌টা এইবাৰ আদৰ্শ মাতৃ, ঢকুৱাখনাৰ শিক্ষয়িত্ৰী পদ্মাৱতী কোঁ‌চক প্ৰদান কৰা হয়। আজি এই উপলক্ষ্যে চিনামৰা মহাবিদ্যালয়ৰ সভাকক্ষত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, বিশিষ্ট ইতিহাসবিদ অধ্যাপক আনন্দ শইকীয়াৰ সভাপতিত্বত এক গাম্ভীৰ্যপূৰ্ণ বঁ‌টা প্ৰদান সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ মহিলা কোষৰ যুটীয়া সম্পাদিকা ড° প্লাৱিতা বৰদলৈয়ে আঁ‌ত ধৰা সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰে মহিলা কোষৰ সভানেত্ৰীৰ হৈ অধ্যাপিকা ৰুমী শইকীয়াই। অধ্যাপকদ্বয় অচ্যুত দত্ত আৰু অচ্যুত বৰাৰ লগতে গ্ৰন্থাগাৰিক সিদ্ধাৰ্থ স্বৰূপ দত্তৰ নেতৃত্বত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা চিনামৰা মহাবিদ্যালয়ৰ গীতেৰে সভাখন শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন শইকীয়াই আঁ‌ত ধৰা মূল বঁ‌টা প্ৰদান অনুষ্ঠানত অমিয়া ভট্টাচাৰ্যক কুন্তেশ্বৰী দত্ত বঁ‌টা প্ৰদান কৰে চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বঁ‌টা প্ৰদান কৰা সভাখনৰ সভাপতি আনন্দ শইকীয়াই। ইয়াৰ পিছতে, ড° বন্দনা চৌধুৰীক চন্দ্ৰপ্ৰভা দত্ত সোঁ‌ৱৰণী বঁ‌টা প্ৰদান কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপিকা ড° বুলবুল বৰুৱাই। আনহাতে, সাংস্কৃতিক কৰ্মী- শিল্পী শিবাণী বৰুৱা ফুকনক লাৱণ্য শইকীয়া সোঁৱৰনী বঁ‌টা প্ৰদান কৰে কমাৰগাঁ‌ও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড° বিজুলী বৰচেতিয়া আৰু আদৰ্শ মাতৃ-শিক্ষয়িত্ৰী পদ্মাৱতী কোঁ‌চক ৰঙিলী বৰা সোঁ‌ৱৰণি বঁ‌টা প্ৰদান কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা ড° বীণাপাণি দেৱীয়ে। উক্ত বঁ‌টাকেইটাত সুদৃশ্য স্মাৰক, অভিনন্দন পত্ৰ, গামোচা, চেলেং, মেডেল, মহাবিদ্যালয়ৰ বিশেষ মোনা, অধ্যক্ষৰ অভিনন্দন পত্ৰ, গ্ৰন্থৰ টোপোলা আদি প্ৰদান কৰাৰ লগতে মহাবিদ্যালয় মহিলা কোষৰ আজীৱন সদস্যাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। তাৰোপৰি বঁ‌টাপ্ৰাপক সকলক মহাবিদ্যালয়ৰ শিক্ষক গোট, কৰ্মচাৰী গোট, ছাত্ৰ একতা সভা, মহিলা কোষ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চিনামৰা মহাবিদ্যালয় কেন্দ্ৰ, মহাবিদ্যালয়ৰ দূৰ শিক্ষা বিভাগ, মহাবিদ্যালয়ৰ পৰা প্ৰকাশিত বাৰ্তালোচনী ‘বিশ্বমুখী যুগবাৰ্তা’ৰ হৈ সম্পাদক ড° দ্বীপেন নাথ, ইক’ ক্লাৱ, দাতা পৰিয়াল, মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁ‌চনি আদিয়েও বিপুল সম্বৰ্দ্ধনা জ্ঞাপন কৰে। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি যোৰহাট দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা কবিতা ৰাজগুৰুৱে চিনামৰা মহাবিদ্যালয়ৰ এনে মহৎ কামৰ শলাগ লয়। আনহাতে, কুন্তেশ্বৰী দত্ত বঁ‌টা গ্ৰহণ কৰি অমিয়া ভট্টাচাৰ্য্যই অভিভূত হৈ পৰা বুলি উল্লেখ কৰি চিনামৰা মহাবিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয়- মানুহে এনে কাম কৰিব লাগে যি কামে আন দহজনকো উৎসাহিত কৰিব পাৰে। তেনে কাম কৰিলে সকলোৱে ভাল পায়। তেওঁ বিদ্যায়তনিক আৰু ব্যৱহাৰিক শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক আন্তৰিক, আধ্যাত্মিক আৰু প্ৰমূল্যবোধৰ শিক্ষা প্ৰদানত গুৰুত্ব দিবলৈও সকলোৰে প্ৰতি আহ্বান জনায়। তেনে কৰিলেহে সমাজৰ উশৃংখলতাসমূহ নাইকিয়া হ’ব বুলি তেওঁ মন্তব্য কৰে। চন্দ্ৰপ্ৰভা দত্ত বঁ‌টা গ্ৰহণ কৰি ড° বন্দনা চৌধুৰীয়ে চন্দ্ৰপ্ৰভা দত্তৰ বিষয়ে আলোকপাত কৰে। তেওঁ সমাজৰ হিতৰ কাৰণে প্ৰত্যেকেই নিজৰ হাত আগবঢ়াব লাগে বুলি উল্লেখ কৰি কয়- তেনে কৰিলেহে সমাজৰ বিকাশ হ’ব । আমি সমাজৰ ভালৰ বাবে সকলো দায়বদ্ধ হ’ব লাগিব। চিনামৰা মহাবিদ্যালয়ৰ এনে প্ৰচেষ্টাৰ শলাগ লৈ বঁ‌টাপ্ৰাপক ড° চৌধুৰীয়ে কয়- এনে বঁ‌টা অথবা এনে স্বীকৃতিয়ে সদায় উৎসাহ প্ৰদান কৰে। এই স্বীকৃতিয়েও সমাজৰ বাবে আজীৱন কাম কৰি যাবলৈ উৎসাহিত কৰা বুলি উল্লেখ কৰি তাৰ বাবে তেওঁ ৰাইজৰ আশীষ কামনা কৰে। ইফালে, লাৱণ্য শইকীয়া বঁ‌টা গ্ৰহণ কৰি শিবাণী বৰুৱা ফুকনে নিজৰ অনুভৱ ব্যক্ত কৰি এই বঁ‌টাই তেওঁ‌ক উৎসাহিত কৰাৰ লগতে দায়বদ্ধতাও বৃদ্ধি কৰা বুলি মন্তব্য কৰে। শিল্পী ফুকনে ‘তেজীমলা সাৰে আছে’ শীৰ্ষক তেওঁৰ এটি জনপ্ৰিয় গীত পৰিৱেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। একেদৰে ৰঙিলী বৰা সোঁ‌ৱৰণী বঁ‌টা গ্ৰহণ কৰি পদ্মাৱতী কোঁ‌চ আৱেগিক হৈ পৰে আৰু এনে সন্মান তেওঁৰ বাবে কল্পনাৰো অগোচৰ বুলি উল্লেখ কৰে। তেওঁ নিজৰ জীৱন সংগ্ৰামৰ বিষয়ে উল্লেখ কৰি কিদৰে পাঁ‌চোগৰাকীকৈ জীয়ৰীক উচ্চ শিক্ষিতা কৰাৰ লগতে ‘মানুহ’ হিচাপে গঢ়ি তুলিলে সেই বিষয়ে উল্লেখ কৰি কয়- ‘নাৰী কেতিয়াও অৱলা নহয় আৰু নাৰী কেতিয়াও কাৰো পুতৌৰ পাত্ৰ হ’ব নালাগে। নাৰী সদায় সাহসী, নাৰী সদায় স্থিৰ আৰু নাৰীয়ে ত্যাগৰ দ্বাৰাই নিজৰ জীৱন মহীয়ান কৰিব পাৰে।’ নাৰীয়ে নিজকে কেতিয়াও অৱলা বুলি নাভাবি সদায় যুঁজ দিবলৈ প্ৰস্তুত থাকিব লাগে বুলি তেওঁ লগতে মন্তব্য কৰে। সভাত কমাৰগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড° বিজুলী বৰচেতিয়া, সমাজকৰ্মী মুন দত্ত আদিয়েও চমু বক্তব্য প্ৰদান কৰে। আনহাতে, সভাপতিৰ মন্তব্য প্ৰদান কৰি অধ্যাপক আনন্দ শইকীয়াই শিক্ষানুষ্ঠানসমূহক কেতিয়াও গণবিচ্ছিন্ন কৰিব নালাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ৰাইজৰ পৰা অধিকাংশ শিক্ষানুষ্ঠান বিচ্ছিন্ন হৈ পৰাৰ বাবেই আজি শিক্ষা ব্যৱস্থা এই পৰ্য্যায়লৈ অৱনমিত হৈছে বুলি তেওঁ লগতে উল্লেখ কৰি বৃহত্তৰ চিনামৰা অঞ্চলৰ মহিলাসকলক মহাবিদ্যালয়খনৰ সৈতে জড়িত কৰাবলৈ মহিলা কোষৰ প্ৰতি আহ্বান জনায়। এই সভাতেই সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় কাৰাটে প্ৰতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ প্ৰতিনিধিত্ব কৰি একমাত্ৰ পদক হিচাপে অসমলৈ ৰূপৰ পদক কঢ়িয়াই অনা চিনামৰা মহাবিদ্যালয়ৰ ছাত্ৰী চন্দ্ৰমা বৰা আৰু তেওঁৰ প্ৰশিক্ষক পৰশমণি বৰাক সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰ পূৰ্বে পুৱা বঁ‌টা প্ৰদান কৰা চাৰিওগৰাকী মহিলাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী, বিশিষ্ট দাৰ্শনিক, লেখক ড° গিৰিশ বৰুৱাই। মহিলা কোষৰ যুটীয়া সম্পাদিকা তথা অধ্যাপিকা শেৱালি শইকীয়া বৰদলৈয়ে শলাগৰ শৰাই আগবঢ়োৱা সভাখনত যোৰহাটৰ সুম্বৰী বৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী ৰুমী মহন্ত, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° দীপাঞ্জলী বৰুৱা প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ ছাত্ৰী, কৰ্মচাৰীৰ লগতে কেবাখনো মহাবিদ্যালয়ৰ মহিলা কোষৰ সদস্যা উপস্থিত থাকে। শেষত জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ সামৰণি পৰে

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like