নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পীয়ূষ হাজৰীকাৰ

🎯৪৫ বছৰে লাহৰীঘাট চলালে এটা পৰিয়ালে, কিন্তু মথাউৰিৰ বাবে ৬০ কোটি টকা দিব নোৱাৰিলে’

🎯’৬০ কোটি টকা খৰচ কৰি মথাউৰি নিৰ্মাণ কৰাৰ কাৰণে সমগ্ৰ মৰিগাঁও জিলাৰ ৯০ শতাংশ বানপানী আজি নাইকিয়া হৈ গ’ল’

🎯আমাৰ ডাবল ইঞ্জিনৰ চৰকাৰে অকল ৰাইজৰ কাৰণে কাম কৰিছে, অসমৰ উন্নয়নৰ বাবে কাম কৰিছে

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মাৰ্চঃ আজি অসমত প্ৰায় ৮ বছৰ হ’ল বিজেপি দল শাসনত থকা। কেন্দ্ৰত ১০ বছৰ হ’ল বিজেপি দল শাসনত থকা। এই সময়ছোৱাত আমাৰ ডাবল ইঞ্জিনৰ চৰকাৰে অকল ৰাইজৰ কাৰণে কাম কৰিছে, অসমৰ উন্নয়নৰ বাবে কাম কৰিছে। আমি কাকো ভেদা-ভেদ কৰা নাই, উন্নয়নৰ পৰা কাকো বঞ্চিত কৰা নাই।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। মৰিগাঁৱৰ লাহৰীঘাটত আজি বিজেপি, অগপ, গণশক্তি আৰু UPPL মিত্ৰশক্তিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ সভাত এনেদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ আৰু কয় যে আমি সকলোৰে উন্নয়ন কৰিছো, সকলোৰে কাৰণে কাম কৰিছো। মন্ত্ৰী হাজৰীকাই সভাত সকলোৰে কাৰণে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মন্ত্ৰী হাজৰীকাই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে বিগত ৭০-৭৭ বছৰে আমি কাক ভোট দিছিলো, আমাৰ কাৰণে কোনে কাম নকৰিলে, আমাক কোনে অকল ঠগিলে, এই কথা-বতৰা বিলাক মোতকৈ আপোনালোকে ভালকৈ জানে। তেওঁ কয় যে লাহৰীঘাটৰ মূল সমস্যা আছিল বানপানী-গৰাখহনীয়া। লাহৰীঘাটৰ ৰাস্তা-ঘাটৰো অৱস্থা তথৈৱচ আছিল। আমি লাহৰীঘাটৰ ৰাইজে ৪৫ বছৰে এটা পৰিয়ালৰে সদস্যক ভোট দি বিধানসভালৈ নিৰ্বাচিত কৰি আহিছিলো। কিন্তু তেওঁলোকে লাহৰীঘাটবাসীৰ এটা কামো নকৰিলে। কংগ্ৰেছে না মথাউৰি বনালে, না ৰাস্তা-ঘাট বনালে না বানপানী সমস্যা সমাধান কৰিলে। সেই বিশেষ পৰিয়ালটোৱে একো এটা কামো নকৰিলে বুলি কয়। ইয়াৰ বিপৰীতে এই কামসমূহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই, বিজেপি চৰকাৰে কৰা বুলি ভাষণত উল্লেখ কৰে। তেওঁ কয় যে আপোনালোকৰ আশীৰ্বাদত তৃতীয়বাৰলৈ নিৰ্বাচিত হোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰীয়ে মোক জলসম্পদ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব দিলে। মন্ত্ৰী হোৱাৰ লগে লগে মোৰ লক্ষ্য আছিল লাহৰীঘাট। লাহৰীঘাটৰ ১৪ কিলোমিটাৰ মথাউৰি ছমাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিছিলো। ৬০ কোটি টকা খৰচ কৰি এই মথাউৰি নিৰ্মাণ কৰাৰ কাৰণে সমগ্ৰ মৰিগাঁও জিলাৰ ৯০ শতাংশ বানপানী আজি নাইকিয়া হৈ গ’ল বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত কয়।
কংগ্ৰেছে ৬০ বছৰে অসমখন চলালে, লাহাৰীঘাট কংগ্ৰেছ চলালে ৭০-৭৫ বছৰ আৰু ৪৫ বছৰে লাহৰীঘাট চলালে এটা পৰিয়ালে, কিন্তু তেওঁলোকে এই মথাউৰিৰ বাবে ৬০ কোটি টকা দিব নোৱাৰিলে বুলি কংগ্ৰেছক ভৰ্ৎসনা কৰি কয় যে এই ৬০ কোটি টকা দিলে নৰেন্দ্ৰ মোদীৰ বিজেপিয়ে, হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে, এই ৬০ কোটি টকা আমি দিলো আৰু আমি আপোনালোকৰ বাবে কাম কৰিলো। সভাত উদাত্ত ভাষণ দাঙি ধৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে মৰিগাঁও জিলালৈ ৪৫০ কোটি টকা আবণ্টন কৰি আনিছো, আৰু ইয়াৰে ৮০ শতাংশ কাম লাহৰীঘাটত হ’ব। ভাষণত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, বৰ্তমান অসমত ৫২ লাখ পৰিয়ালৰ ৰেচন কাৰ্ড আছে আৰু ২৭ লাখ পৰিয়ালত অৰুণোদয় আছে। যাৰ যাৰ ৰেচন কাৰ্ড আছে মন্ত্ৰীগৰাকীয়ে ভাষণত সকলোকে অৰুণোদয় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰে মন্ত্ৰী হাজৰীকাই এই বিষয়েও ভাষণত দাঙি ধৰে। বৃহৎ জনসভাখনত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছে নিবনুৱাক না চাকৰি দিলে, না বানপানী সমস্যা সমাধান কৰিলে না গৰাখহনীয়া প্ৰতিৰোধ কৰিলে বুলি প্ৰশ্ন কৰে। মন্ত্ৰীৰ ঘৰৰ ল’ৰা ডক্টৰ হয়, ডক্টৰ হোৱাৰ পিছত বিধায়ক হয় আৰু আমাৰ সাধাৰণ মানুহৰ ল’ৰা ঠেলাৱালা-ৰিক্সাৱালা হয়, এয়া কংগ্ৰেছ কৰে। কিন্তু এয়া কেতিয়াও হ’ব দিব নোৱাৰি বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত কয়। নগাঁৱৰ লোকসভাৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈকো সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰদ্যুৎ বৰদলৈ ক’ৰ মানুহ আমি ভালকৈ নাজানো। উল্লেখ্য যে ২৬ এপ্ৰিলত অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। আজিৰ সভাত মন্ত্ৰী হাজৰীকাই বিজেপি, অগপ, গণশক্তি আৰু UPPL মিত্ৰশক্তিৰ প্ৰাৰ্থী সুৰেশ বৰাক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ লগতে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাত সহায় কৰিবলৈ আহ্বান জনায়। সভাত নগাঁও লোকসভাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰা, বিধায়ক ৰূপক শৰ্মা, জিলা সভাপতি প্ৰবীণ মেধি সহিতে মিত্ৰজোঁটৰ বিষয়ববীয়া, কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

You might also like