নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত চাহ বাগিচাৰ ভোটাৰৰ মাজত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

বিশেষ বাৰ্তা, ২৮ মাৰ্চঃ সমাগত লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সংসদীয় সমষ্টিত চাহ বাগিচাৰ ভোটাৰসকলে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ অৱকাশক লৈ পুনৰবাৰ সমষ্টিটোত বিশেষ চৰ্চা লাভ কৰিছে। তথ্য অনুসৰি সমষ্টিটোৰ মুঠ ১৬,৫০,৭০৬জন ভোটাৰৰ প্ৰায় ৩০ শতাংশই চাহ জনগোষ্ঠীৰ ভোটাৰ। সেয়ে পূৰ্ৱৰ এই চাহ অধ্যুষিত অঞ্চল সমূহত কংগ্ৰেছৰ পকেট ভোট আছিল যদিও,বৰ্তমানে উক্ত পকেট সমূহত মহা শূন্যতাৰ স্বৃষ্টি হোৱা পৰিলক্ষিত হৈছে।ডিব্ৰুগড় সমষ্টিত প্ৰধানকৈ বিজেপি, আপ আৰু অজাপই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হব। বিজেপিৰ সৰ্বানন্দ সোণোৱাল, সোণোৱাল কছাৰী জনগোষ্ঠীয় হোৱাৰ বিপৰীতে লুৰিণজ্যোতি আহোম জনগোষ্ঠীৰ আৰু মনোজ ধানোৱাৰে চাহ জনগোষ্ঠী প্ৰতিনিধিৰ। সেয়ে এইবাৰৰ যুঁজখন বেছ আকষণীয় হৈ উঠিব যদিও তিনিওগৰাকী প্ৰাথীয়েই বিজয় সুনিশ্চিত বুলিও প্ৰকাশ কৰিছে। ঐতিহাসিক তথ্য অনুসৰি ডিব্ৰুগড়ৰ নিৰ্বাচনী পৰিৱেশ গঢ় দিয়াত চাহ বাগিচাৰ ভোটাৰসকলে যথেষ্ট সহায় কৰিছে।বছৰ বছৰ ধৰি ১৫টা লোকসভা নিৰ্বাচনৰ ভিতৰত মাত্ৰ ছয়বাৰহে ডিব্ৰুগড়ৰ পৰা চাহ সম্প্ৰদায়ৰ নোহোৱা প্ৰাৰ্থীয়ে বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰিছে।এ ই জয়ৰ অধিকাংশই ১৯৫২ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত সংঘটিত হৈছিল। ১৯৭১ চনৰ পাছত অসম গণ পৰিষদৰ (অগপ)ৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি ২০০৪ চনৰ লোকসভাৰ আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে মাত্ৰ এজন অচাহ সম্প্ৰদায়ৰ প্ৰাৰ্থী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই অঞ্চলত বা সমষ্টিটোত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ আধিপত্যৰ পৰা এটাই স্পষ্ট হৈছে যে চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীসকলে ধাৰাবাহিকভাৱে নিৰ্বাচনত জয়লাভ কৰি আহিছে।উল্লেখ্য যে বিগত দুটা কাৰ্যকাল ডিব্ৰুগড় সমষ্টিটোত চাহ জনগোষ্ঠীয় সাংসদ ৰামেশ্বৰ তেলীয়ে কাৰ্যনিবাহ কৰিছে।আনহাতেদি ডিব্ৰুগড়ত জয়লাভ কৰা অ-চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ ভিতৰত যোগেন্দ্ৰ নাথ হাজৰিকাই (আই এন চি) ১৯৫২, ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত একেৰাহে জয়লাভ কৰাৰ বিপৰীতে ৰবিন্দ্ৰনাথ কাকোটি (আই এন চি) ১৯৭১ চনত বিজয়ী হৈ আত্মপ্ৰকাশ কৰে।আৰু তেতিয়াৰ পৰাই চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীয়ে ধাৰাবাহিকভাৱে ডিব্ৰুগড়ৰ সংসদীয় আসনখন নিজৰ অধীনত ৰাখিবলৈ সক্ষম হৈছে। ১৯৭৭ আৰু ১৯৮৪ চনত দুবাৰকৈ জয়লাভ কৰা হৰেণ ভূমিজ (আই এন চি), ১৯৯১, ১৯৯৬, ১৯৯৮, ১৯৯৯ আৰু ২০০৯ চনত পবন সিং ঘাটোৱাৰে (আই এন চি) পাঁচটা জয় নিশ্চিত কৰাৰ লগতে চাহ জনগোষ্ঠীৰ পৰাও ৰামেশ্বৰ তেলী (বিজেপি) বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰে যোৱা দুটা নিৰ্বাচনত ২০১৪ আৰু ২০১৯ চনত অনুষ্ঠিত হৈছিল।কিন্তু এইবাৰ তেলীক টিকটৰ পৰা বঞ্চিত কৰি তেওঁৰ ঠাইত বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড়ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ প্ৰদান কৰা হল। প্ৰণিধানযোগ্য যে ডিব্ৰুগড়ৰ চাহ শ্ৰমিকৰ ভোটাৰসকলে পৰম্পৰাগতভাৱে সমষ্টিটোত জয়ৰ চাবিকাঠি খামুচি ধৰি ৰাখিছে। তেওঁলোকৰ পৰিসংখ্যা আৰু সামূহিক ভোটদানৰ আচৰণে নিৰ্বাচনৰ ফলাফলত এক নিৰ্ণায়ক ভূমিকা পালনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ২০১৪ চনৰ পূৰ্বে উজনি অসমত কংগ্ৰেছৰ পৰম্পৰাগত ভোট বেংক হিচাপে গণ্য কৰা হৈছিল যদিও; মোদীৰ ঢৌৰ পিছত চাহ জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ আনুগত্য স্থানান্তৰিত কৰা পৰিলক্ষিত হয়।যিটো পৰৱৰ্তী লোকসভা আৰু বিধানসভা নিৰ্বাচনত স্পষ্ট হৈ পৰিছে।সেয়ে এইবাৰো নিৰ্বাচনৰ ফলাফল নিৰ্ণয় কৰাত তেওঁলোকৰ ভোটদান গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।বৰ্তমান ডিব্ৰুগড়ৰ নিৰ্বাচনত লোকসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ মাজত এক আকৰ্ষণীয় সংযোজন দেখা গৈছে। বিজেপি নেতা সৰ্বানন্দ সোণোৱাল আৰু অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ বলিষ্ঠ প্ৰতিদ্বন্দ্বী হৈ থকাৰ বিপৰীতে চাহ জনগোষ্ঠীৰ একমাত্র প্ৰাৰ্থী হিচাপে আম আদমী পাৰ্টিৰ মনোজ ধনোৱাৰে থিয় দিছে।প্ৰাৰ্থীৰ এই বৈচিত্ৰ্যই ডিব্ৰুগড়ৰ ৰাজনীতিৰ পথাৰত এক পৰিৱৰ্তিত গতিশীলতাক প্ৰতিফলিত কৰিছে বুলিও সৰব চৰ্চা চলিছে। নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰ আৰু ভোটদানৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থীসকলে চাহ বাগিচাৰ ভোটাৰসকলৰ ওচৰলৈ যোৱাৰ ক্ষেত্ৰত যেন প্ৰতিযোগিতাৰ দৌৰত নামি পৰা পৰিলক্ষিত হৈছে।চাহ বাগিচাত উন্নয়নমূলক পদক্ষেপৰ বাবে পৰিচিত বিজেপিয়ে, চাহ জনজাতিসকলৰ স্বাস্থ্য, শিক্ষা আৰু অন্যান্য সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি আৰু আস্বাস প্ৰদান কৰিছে। আনহাতে আম আদমী পাৰ্টিয়ে নিৰ্বাচনী ইস্তাহাৰত চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক নূন্যতম মজুৰি ৪৫০ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছে।সমান্তৰালকৈ অজাপৰ লুৰিণেও চাহ বাগিচাত নিবাচনী প্ৰচাৰৰ সময়ত চাহ শ্ৰমিকৰ মৌলিক চাহিদাসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কোনো কৃপনালি নকৰাৰ সংকল্প প্ৰদান কৰিছে।ইফালে চাহ বাগিচাৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ মন-প্ৰাণ ঢালি দিছে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে।প্ৰচাৰৰ সময়ত তেওঁ চাহ জনগোষ্ঠীৰ ‘ঝুমুৰ’ লোকনৃত্যত কণমানি ল’ৰা-ছোৱালীৰ সৈতে নৃত্য কৰা দেখা গৈছে। নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে ডিব্ৰুগড়ৰ চাহ বাগিচাৰ ভোটাৰসকলৰ লগতে অনান্য জনগোষ্ঠীয় লোকৰ মাজত মেৰুবিভাজন হবগৈ নি? সেয়া এক বৃহৎ প্ৰশ্ন।

প্ৰেৰক বিভাস দুৱৰা

You might also like