নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈ চাহ বাগিচাত ভেকচিন প্ৰদান

নিয়মীয়া বাৰ্তা,৫ জুনঃ আমচৈ চাহ বাগিচাৰ ৬৭ গৰাকী ক’ৰোনা আক্ৰান্তই সুস্থ হৈ ক’ভিড কেয়াৰ কেন্দ্ৰৰ পৰা ঘৰলৈ উভতি যোৱাৰ পিছত আমচৈ ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্য কৰ্মী সকলে আমচৈ চাহ বাগিচাৰ চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী সকলৰ সহযোগিতাত ৪ আৰু ৫ জুনত আমচৈ চাহ বাগিচাত মুঠ ৯৬ গৰাকী শ্ৰমিক পুৰুষ আৰু মহিলাক ভেকচিন ইনজেকচন প্ৰাদান কৰে ।

উল্লেখ্য যে বাগিচাখনৰ শ্ৰমিকসকলৰ মাজত পুনৰ নতুনকৈ ৬ গৰাকীয়ে ক’ৰোনা আক্ৰান্ত হয় । এই ক’ৰোনা আক্ৰান্ত সকলক বাগিচাখনৰ চিকিৎসালয়ত থকা ক’ভিড কেয়াৰ কেন্দ্ৰত ৰাখি চিকিৎসা প্ৰদান কৰি থকা বুলি বাগিচাখনৰ জ্যেষ্ঠ স্বাস্থ্য কৰ্মী সাধনা নায়কৰ পৰা জানিব পৰা গৈছে ।

You might also like