নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীৰ অভাৱ : বৰহোলাৰ শুকান পথাৰত বাল্টিয়ে পানী সিঁচি কৃষকে পাৰিছে কঠিয়া

নিয়মীয়া বাৰ্তা, ৫ জুন : ধান উৎপাদনৰ বাবে সমগ্ৰ অসমতে এক সুকীয়া পৰিচয় আছে তিতাবৰৰ। কিন্তু এইবাৰ বতৰৰ বিধি পথালিৰ বাবে পথাৰত কঠিয়া সিঁচিবলৈ পানী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে বৰহোলাৰ কৃষকসকলে। সাধাৰণতে শালি খেতিৰ বাবে জেঠ মাহৰ ভিতৰতে ৰঞ্জিত, বাহাদুৰ আৰু মাচুৰি ধানৰ কঠিয়া সিঁচাৰ অন্তিম সময়। কিন্তু জেঠ মাহ শেষ হবলৈ আৰু মাত্ৰ দহ দিন বাকী থকা অৱস্থাত বৰ্তমানেও বৰহোলা, বেকাজান , গড়াজান , ৰাইডাংজুৰি আৰু নগাবাটত পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নোহোৱাৰ ফলত পথাৰত খৰাং পৰিস্থিতি উদ্ভৱ হৈছে। উপায় নাপাই নগাবাট, পানীখেতি, বেকাজান আৰু ৰাইডাংজুৰি অঞ্চলৰ একাংশ কৃষকে খাল- পুখুৰীৰ পৰা কলহৰে পানী নি কঠিয়া সিঁচিবলৈ বাধ্য হৈ পৰিছে।

উল্লেখ্য যে যোৰহাট জিলাৰ জলসিঞ্চন বিভাগৰ চূড়ান্ত অৱহেলা, মেৰামতিৰ অভাৱ আৰু অবাধ দুৰ্নীতিৰ বাবে বৰহোলা প্ৰায় দহখনকৈ পকী বান্ধ আৰু শ্লুইছ গেট পৰিত্যক্ত হৈ আছে। যাৰ ফলত এতিয়া বৰহোলাৰ কৃষক সকলে পথাৰত কঠিয়া সিঁচিবলৈ পানী বিচাৰি হাহাকাৰ কৰিব লগাৰ দৰে দুৰ্ভাগ্যজনক পৰিস্থিতি সৃষ্টি হৈছে। তদুপৰি জিলা কৃষি বিভাগে কৃষকৰ বাবে অহা পাম্পছেট বিতৰণ নকৰাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে। কেৱল কাগজে কলমে বৰ্তি থকা যোৰহাট জিলাৰ জলসিঞ্চনৰ বিভাগৰ যিকোনো আঁচনি ৰূপায়নৰ নমুনা এতিয়া বৰহোলাৰ কোনো এখন পথাৰত দেখিবলৈ পোৱা নাই ৰাইজে। ফলত শুকান পথাৰত এতিয়া বাল্টিৰে পানী ছটিয়াই ধানৰ বীজ সিঁচিছে তিতাবৰৰ কৃষক ৰাইজে।

উল্লেখযোগ্য যে একমাত্ৰ কৃষি কৰ্ম কৰিয়েই বছৰটোৰ ভাতমুঠি যোগাৰ কৰে বৰহোলাৰ কৃষকে। এতিয়া পানীৰ অভাৱত অনিশ্চিত ভৱিষ্যতৰ অগ্ৰসৰ হব লগা বাবে মূৰে-কপালে হাত দিব লগীয়া হৈছে কৃষকসকলে। খৰাং কবলত পৰা ধান উৎপাদত ৰাজ্যৰ ভিতৰতে চহকী তিতাবৰৰ প্ৰতি কৃষি মন্ত্ৰী অতুল বৰা আৰু জলসিঞ্চনৰ গৰাকীৰ সু-দৃষ্টি পৰিবনে ?

 

You might also like