নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা কামগাঁৱৰ এজন সাধাৰণ কৃষকে গাঁথিৰ ধনেৰে আৰ্তজনক বিলালে বস্ত্ৰ-সামগ্ৰী

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ “যমপুৰী নিজান ঠাই,অ’ত দিলেহে ত’ত পায়”- এইটো কোনো বিখ্যাত ব্যক্তিৰ উক্তি নহয়। কোনো মহাকাব্য, পুৰাণ বা বিশ্ববিখ্যাত গ্ৰন্থত উল্লেখিত উক্তিও নহয়।কিন্তু এই উক্তিৰ সাৰাৰ্থকে হৃদয়ত স্থাপন কৰি দৰিদ্ৰজনক সহায়ৰ হাত আগবঢ়াইছে এজন সাধাৰণ কৃষকে।

নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত কামগাঁৱৰ এইজন কৃষকৰ নাম খগেন ডেকা(৫৪)।উল্লেখ্য যে একমাত্ৰ সৰলতা আৰু সহনশীলতাৰে পৈতৃক সম্পত্তিৰ অংশ নলৈ ভাই-ককায়েকৰ মাজত বিতৰণ কৰি পাছত চৰকাৰী মাটিতে খেতি কৰি জীৱন নিৰ্বাহ কৰা খগেন ডেকাই  দৰিদ্ৰ লোকৰ সেৱাত নিজকে উৎসৰ্গিত কৰি দাঙি ধৰিছে এক আদৰ্শ।

মন কৰিবলগীয়া যে খগেন ডেকাৰ পিতৃ প্ৰয়াত হোমেশ্বৰ ডেকা ওৰফে হোৱাং ডেকা আছিল এজন কবিৰাজ। আয়ুৰ্বেদিক পদ্ধতিৰে  বিভিন্ন লোকৰ বহু বেমাৰ সুস্থ কৰি তুলিছিল অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে পশ্চিম বংগ, বিহাৰ, মণিপুৰ,অৰুণাচল,মেঘালয় আদিৰ পৰাও অহা নানা ৰোগীয়ে সুস্থতা লাভ কৰিছিল।

কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল এই চিকিৎসাৰ বাবদ তেওঁ কোনো ৰোগীৰ পৰা ধন গ্ৰহণ কৰা নাছিল। অতি কষ্টসহিষ্ণু খগেন ডেকাই তিনি সন্তান, পত্নীসহ মুঠ পাঁচটাকৈ সদস্যৰ জীৱন নিৰ্বাহৰ বাবে চৰকাৰী মাটিতে বৰোধানৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি অহাৰ লগতে ৰোগীৰো বিনা পইচাৰে আয়ুৰ্বেদিক চিকিৎসা কৰি আহিছে।

 কৃষক খগেন ডেকাৰ  ভাষ্য অনুসৰি পিতৃৰ হোমেশ্বৰ ডেকাই দৰিদ্ৰ লোকসকলক চৰ্তহীনভাৱে সহায় কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল আৰু সেই পৰামৰ্শ অনুযায়ী খগেন ডেকাই নিজৰ গাঁথিৰ ধন ভাগি দৰিদ্ৰ আৰু অসহায় লোকক সহায় কৰি আহিছে।

জানিব পৰা মতে, পূৰ্বে “মা মনসা কল্যাণ সমিতি” নামৰ এটা অনুষ্ঠানৰ দ্বাৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক কিতাপ-বহী-বেগ, কাপোৰ আদি বিতৰণ কৰাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানতো টিনপাত কিনি প্ৰদান কৰিছিল। কিন্তু শেহতীয়াকৈ প্ৰচণ্ড শীতত একাংশ দৰিদ্ৰ লোকৰ আৰ্থিক দুৰৱস্থা হেতু গৰম কাপোৰৰ অভাৱ প্ৰত্যক্ষ কৰি কৃষক খগেন ডেকাই নিজৰ সাঁচতীয়া পকেটৰ ধনেৰে স্থানীয় অতি দৰিদ্ৰ লোকক কম্বল আৰু গৰম কাপোৰ বিতৰণ কৰি ব্যতিক্ৰমী চিন্তাৰ উন্মেষ ঘটায়।

You might also like