নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বার্তা, ১৩ আগষ্ট: নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নগাঁও চহৰত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ-আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ দলে চলোৱা অভিযানৰ সময়ত এ এছ ০১ জি চি ৯৮৪৮ নম্বৰৰ ইনোভা গাড়ীখনেৰে গুৱাহাটীৰ পৰা নগাঁও চহৰৰ মৰিকলং অঞ্চললৈ নিচাযুক্ত ঔষধখিনি বসন্ত বণিয়া নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনে লৈ আনিছিল। এই খবৰ লাভ কৰি আজি দুপৰীয়া নগাঁও আৰক্ষীয়ে অভিযান চলাই নগাঁও চহৰৰ খুটিকটীয়াত ড্ৰাগছ সৰবৰাহ কৰা গাড়ীখন জব্দ কৰাৰ লগতে বসন্ত বণিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে আন এজন ড্ৰাগছ সৰবৰাহকাৰীয়ে পলায়ন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি গুৱাহাটীৰ পৰা নগাঁৱলৈ অবাধে নিচাযুক্ত ঔষধ সৰবৰাহ হৈ আছে। নগাঁও চহৰৰ মৰিকলং অঞ্চলত অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি আছে। আৰক্ষীয়ে মাজে সময়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় যদিও এইক্ষেত্ৰত আৰক্ষী সফল হ’ব পৰা নাই।

You might also like