নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“এইবাৰ লকডাউনত আইন অমান্য কৰিলে হ’ব গ্ৰেপ্তাৰ”-মুন্না প্ৰসাদ গুপ্তা

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ পুনৰ লকডাউন ঘোষণা কৰা হ’ল মহানগৰীত। দেওবাৰৰ নিশাৰ পৰা হ’বলগীয়া এই লকডাউন পূৰ্বৰ লকডাউনতকৈ হ’ব কঠোৰ। আজি এনএইচএম কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ইপিনে গুৱাহাটী মহানগৰীত ১৪ দিনীয়া লকডাউনৰ কথা ঘোষণা হোৱাৰ পাছতে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই এক সংবাদমেলৰ আয়োজন কৰে ।

মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে কয়- “দেওবাৰে নিশাৰ পৰা বলবৎ হ’বলগীয়া লকডাউনত কঠোৰ হ’ব আৰক্ষী । মই সমূহ মহানগৰবাসীক আহ্বান জনাইছো যাতে ৰাইজসকলে নিজৰ ঘৰতে থাকে । যদি কোনোৱে লকডাউনত আইন অমান্য কৰে তেন্তে আমি আইনগত ভাৱে কঠোৰ ব্যৱস্থা লম ।”

আনহাতে যিসকল ব্যৱসায়ীয়ে লকডাউনৰ এই ১৪ দিনত আইন বিৰোধীভাৱে দোকান-পোহাৰ খুলিব, তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ লগতে দোকানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব বুলি জনায় মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ।

You might also like