চাৰিদুৱাৰৰ আশাকৰ্মী বাৰ্মিতা মমিনলৈ অসম গৌৰৱ বঁটা
নিয়মীয়া বাৰ্তা৪ ডিচেম্বৰ ::: শোণিতপুৰৰ অসম- অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ ১ নং ফুলগুৰি গাঁৱৰ বাসিন্দা আশাকৰ্মী বাৰ্মিতা মমিনলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা | অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত সংবাদমেলযোগে
বঁটা ঘোষণা কৰাৰ পাছতে আশাকৰ্মীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কভিডকালীন পৰিস্হিতিত ভেকচিন দিয়াৰ বাবে সন্মুখিন হোৱা বিভিন্ন পৰিস্হিতিৰ কথা সোঁৱৰে | ইতিমধ্যে আশাকৰ্মীগৰাকীয়ে নিজ এলেকাৰ সম্পূৰ্ণ ১১৭৯ গৰাকী লোকক ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হৈছে | উল্লেখ্য যে , অতিকে পিছপৰা এই অঞ্চলত ভেকচিনৰ কাম কৰাৰ সময়তে মমিনক এঘৰীয়া কৰাৰ লগতে মৃত্যুৰ ভাবুকিও আহিছিল | তথাপিও যেন হাৰ নামানিও নিজ কৰ্তব্য পালন কৰি গৈছিল এইগৰাকী আশাকৰ্মীয়ে | আশাকৰ্মীগৰাকীয়ে এই বঁটা লাভ কৰাত অঞ্চলবাসী ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ।