নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত সাতজন গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা  ৪ ডিচেম্বৰ: অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে নগাঁও। ড্ৰাগছ, নিচাযুক্ত ঔষধৰ ব্যাপক প্ৰচলন, অবৈধ মাৰাণাস্ত্ৰৰ জনজননী, নাৰী দেহৰ ব্যৱসায়কে ধৰি বিভিন্ন অসামাজিক কাম- কাজে ছানি ধৰিছে নগাঁও। নগাঁও আৰক্ষীয়ে এনেবোৰ অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত নগাঁও আৰক্ষী কিছু পৰিমাণে সফল হৈছে যদিও এতিয়াও নগাঁৱক অপৰাধ মুক্ত কৰিব পৰা নাই। নগাঁও আৰক্ষীয়ে চলোৱা ধাৰাবাহিক অভিযানৰ অংশ হিচাপে যোৱা নিশা নগাঁও চহৰৰ গাতে লাগি থকা মাজৰ আটি ৰেল গেটৰ ওচৰত এটা নাৰী দেহৰ ব্যৱসায়ৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয়। নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালিৰ নেতৃত্বত হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰী আৰু এণ্টি নাৰ্কটিক স্কোৱাডৰ সহযোগত এই ঘাটিটো উৎখাত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই সন্দৰ্ভত পাঁচ গৰাকী মহিলা আৰু দুজন পুৰুষক গ্ৰেপ্তাৰ কৰাৰ লগতে ম’বাইল ফোন আৰু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকল হ’ল- লোচন বৰা(৩৭), তেওঁৰ পত্নী সৰস্বতী দেৱী(৩৫), তেওঁৰ পুত্ৰ শংকৰ বৰা(২২), তেওঁৰ কন্যা কমল কুমাৰী (১৯)। এওঁলোক গোটেই কেইজনৰে ঘৰ মাজৰ আটি ৰেল গেটৰ ওচৰত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলা সকল হ’ল- মৰিগাঁও জিলাৰ লাহৰিঘাট থানাৰ অন্তৰ্গত তিনিচুকীয়া মোৱামাৰি পথাৰৰ মইনা বৰি দাস(২৬), ধিং আৰক্ষী থানাৰ অন্তৰ্গত ডুমডুমীয়া ৰজাবাৰীৰ ৰুমেনা বেগম(৩০), মাৰুফা খাতুন (১৫) । নগাঁও আৰক্ষীৰ সূত্ৰই জনোৱা মতে লোচন বৰাই তেওঁৰ পত্নী আৰু কন্যাৰ সহযোগত বহুদিন ধৰি দেহ ব্যৱসায় চলাই আহিছিল। পত্নী কন্যাই বিভিন্ন স্থানৰ পৰা যুৱতী মহিলাক জালত পেলাই এনেদৰে দেহ ব্যৱসায় কৰি আহিছে। দীৰ্ঘদিন ধৰি লোচন বৰাৰ ঘৰলৈ বিভিন্ন ধৰণৰ সন্দেহজনক মানুহৰ আহ জাহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই নাৰী দেহৰ ঘাটিটো উৎখাত কৰিবলৈ সক্ষম হোৱাৰ লগতে পুৰুষ মহিলা সহ সাতজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অবশ্যে আন্ধাৰৰ সুযোগ লৈ দুজন লোক পলাই যাবলৈ সক্ষম হয়। উল্লেখ্য যে পুৰ্বতেও মাজৰ আটি অঞ্চলৰ পৰা আৰক্ষীয়ে নাৰী দেহৰ ব্যৱসায়ৰ ঘাটি উৎখাত কৰিছিল।

You might also like