নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত পুনৰ ভালুকৰ আতংক

নিয়মীয়া বাৰ্তা ,৪ ডিচেম্বৰ :চিৰাঙৰ জিলাৰ বিজনীৰ পানবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত আব্দাগুৰীত ভালুক উদ্ধাৰ। মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ভালুকে অঞ্চলটোত প্ৰৱেশ কৰি বিগত তিনি চাৰি দিনে এক আতংকৰ সৃষ্টি কৰি আহিছিল ৷ অৱশেষত বন বিভাগৰ লোক উপস্থিত হৈ বহু প্ৰচেষ্টাৰ ভালুকটোক ট্ৰেংকুলাইজ কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।বিগত মাহত জিলাখনত ইতিমধ্যে তিনিটা ভালুক জনাঞ্চলত প্ৰবেশ কৰি আতংকৰ সৃষ্টি কৰি আহিছিল যদিও বৰকৰ্মীয়ে ভালুক কেইটাক উদ্ধাৰ কৰি নিৰাপদে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মুকলি দিবলৈ সক্ষম হৈছে। জানিব পৰা মতে আজি উদ্ধাৰকৃত ভালুকটোক মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মুকলি কৰি দিয়া হ’ব।

 

You might also like