নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য চৰকাৰক অসম গেছ কোম্পানীৰ লাভাংশ প্ৰদান

নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰঃ ৰাজ্য চৰকাৰৰ লাভজনক গেছভিত্তিক উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেডে ৰাজ্য চৰকাৰক প্ৰতিষ্ঠানটোৰ লাভাংশ প্ৰদান কৰে। অসম গেছ কোম্পানী লিমিটেডৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত প্ৰতিষ্ঠানটোৰ বিত্তীয় বৰ্ষৰ লাভাংশ ৫,০৭,৪৩,৪৭০ টকাৰ এখন চেক প্ৰদান কৰে। অসম গেছ কোম্পানী লিমিটেডৰ অধ্যক্ষ তথা শদিয়াৰ বিধায়ক বলীন চেতিয়া, অসম গেছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী আৰু বিত্ত বিভাগৰ মহাপ্ৰৱন্ধক হৰেন চন্দ্ৰ মহন্তই মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ এই ধনৰাশি প্ৰদান কৰে। উল্লেখযোগ্য যে অসম গেছ কোম্পানী লিমিটেডে প্ৰতিবছৰে অসম চৰকাৰক লাভাংশ প্ৰদান কৰি অহাৰ উপৰি বানপানীকে আদি কৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিব পৰাকৈ মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈও বৰঙণি আগবঢ়াই আহিছে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like