নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেমিফাইনেলৰ দিশে ভাৰত : শ্বাসৰুদ্ধকৰ মেচত পৰাস্ত বাংলাদেশ

বিশেষ বাৰ্তা, ২ নৱেম্বৰঃ চলিত টি-২০ বিশ্বকাপৰ চতুৰ্থখন খেলত ভাৰতীয় ক্ৰিকেট দলে বাংলাদেশক ৫ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ভাৰতীয় বলাৰসকলে সুন্দৰ খেল প্ৰদৰ্শন কৰে। প্ৰথমে বেটিং কৰি ভাৰতে ১৮৪ ৰান কৰিছিল। বাংলাদেশে ৭ অভাৰ বেটিং কৰাৰ পিছতহে বৰষুণ আৰম্ভ হয়। পিছত বাংলাদেশক ১৬ অভাৰত ১৫১ ৰানৰ লক্ষ্য ধৰি দিয়া হয় যদিও বাংলাদেশে ১৪৫ ৰানহে কৰি পৰাজয় স্বীকাৰ কৰে। প্ৰথমে বেটিং কৰি ভাৰতে মাত্ৰ ১১ ৰানৰ স্ক’ৰত ৰোহিত শৰ্মাৰ উইকেট হেৰুৱায়। অৱশ্যে ইয়াৰ পিছত কে এল ৰাহুলে ৩২টা বলত ৫০ ৰানৰ দৰ্শনীয় ইনিংছ খেলে। সূৰ্যকুমাৰ যাদৱেও ১৬টা বলত ৩০ ৰান কৰে। বিৰাট কোহলীয়ে ৪৪টা বলত ৬৪ ৰান নট আউট ইনিংছ খেলে। বাংলাদেশৰ হৈ ৫৯ ৰানৰ কৰে লিটন দাসে। বাংলাদেশে শেষ অভাৰলৈকে সংগ্ৰাম দেখুৱাইছিল যদিও বাংলাদেশক জয়ী কৰিব নোৱাৰিলে। এই জয়েৰে একপ্ৰকাৰ ছেমিফানেলত স্থান নিশ্চিত হল ভাৰতৰ।

You might also like