নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত ট্ৰাকৰ খুন্দাত অসম আৰক্ষীৰ জোৱানৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ কোকৰাঝাৰ জিলাৰ ছেৰফানগুৰি থানাত কৰ্মৰত আব্দুৰ ৰেজ্জাক সৰকাৰ (৫২) নামৰ এজন আৰক্ষীৰ ট্ৰাকৰ খুন্দাত মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত বাতৰি অনুসৰি অইন দিনৰ দৰে আজিও ছেৰফানগুৰিৰ কলবাৰী অঞ্চলৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা চেকিং কৰি থকা অবস্থাত WB-63B-6004 নম্বৰৰ ট্ৰাক এখনক ৰখাবলৈ চেষ্টা কৰে যদিও ট্ৰাকখনে খুন্দা মাৰে আৰক্ষীজনক। আৰক্ষীজন গুৰুতৰভাৱে আহত হয় আৰু ততাতৈয়াকৈ কোকৰাঝাৰ মেডিকল কলেজ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like