নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বছ’ৰ পত্নীৰে পৰকীয়া প্ৰেম : দিল্লীত ২২ বছৰীয়া যুৱকক হত্যা

বিশেষ বাৰ্তা, ৫ এপ্ৰিল : মালিকৰ পত্নীৰ সৈতে পৰকীয়া প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল শচীন কুমাৰ নামৰ যুৱকজনে। তাৰ বাবে দিল্লীত যুৱকজনক হত্যা কৰে হাছিব খান নামৰ লোকজনে । জানিব পৰা মতে, হাছিবে প্ৰেমিকক ফোনৰ দ্বাৰা নিজ ঘৰলৈ মাতি আনিবলৈ বাধ্য কৰায় পত্নীক। পিছত নিজ ঘৰতে যুৱকজনক হত্যা কৰে হাছিব খানে। কন’ট প্লেচৰ এই ঘটনাই সমগ্ৰ দিল্লীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত লোকজনৰ নাম শচীন কুমাৰ। ২২ বছৰীয়া শচীনে কন’ট প্লেচৰ এখন হোটেলত ওৱেটাৰ হিচাপে কাম কৰিছিল। কিন্তু যথেষ্ট দিনৰ আগতে তেওঁ হাছিব খান নামৰ ব্যক্তিজনৰ পৰা ২ লাখ টকা ধাৰ লৈছিল। শচীনে আগতে এই হাছিব খানৰ টি-চাৰ্ট নিৰ্মাণ কাৰখানাত কাম কৰিছিল। সেই সময়ত হাছিবৰ পত্নী ছাবিনাৰ লগত তেওঁৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। কিন্তু টকাৰ সমস্যাৰ বাবে শচীনে হাছিবৰ কাৰখানাত কাম বাদ দিয়ে। অৱশ্যে ছাবিনাৰ লগত তেওঁৰ সম্পৰ্ক চলি আছিল। এই সম্পৰ্কৰ বিষয়ে দেওবাৰে গম পায় হাছিবে। লগে লগে পত্নীক শচীনক ফোন কৰিবলৈ বাধ্য কৰাই সিহঁতৰ ঘৰলৈ মাতি আনে। তাতেই শচীনক হত্যা কৰিছিল দম্পতীটোৱে। ইয়াৰ পিছত গাড়ীত উঠাই হাবিত মৃতদেহ পেলাই থৈ আহে। অৱশ্যে বহুদিন পুত্ৰক বিচাৰি নোপোৱাত শচীনৰ পৰিয়াল আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে প্ৰথমে অপহৰণৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। তদন্তকাৰীয়ে মোবাইল ফোনৰ স্থান প্ৰত্যক্ষ কৰি হাছিবৰ ঘৰত উপস্থিত হয়। জেৰাত এই অপৰাধ স্বীকাৰ কৰে হাছিবে। জানিব পৰা মতে, শচীনক কটাৰীৰে হত্যা কৰা হৈছিল। শচীনৰৰ ভাতৃয়ে দাবী কৰে যে তেওঁ ২ লাখ টকা ধাৰ লৈছিল যদিও তাৰ পৰা ১ লাখ টকা ঘূৰাই দিছিল। কিন্তু তাৰ পিছতো হাছিবে ফোন কৰি ভাবুকি দিছিল। আৰক্ষীয়ে হাছিব খান আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰে।

You might also like