নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিহু-আখৰা পথে জীয়াতু ভোগাইছে জনতাক

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত টিহু-আখৰা লোকনিৰ্মাণ পথৰ বিধ্বস্ত ৰূপে উদঙাই দিছে বিকাশৰ প্ৰকৃত ছৱি৷ জিলাখনৰ টিহু টাউনৰ পৰা খলিহাগুৰি, মথুৰাপুৰ, বড়গাঁও, কাহাৰপাৰা, হাতীপাৰা, বালি, শিয়ালমাৰী, ষাঠিকুছি, গোৱৰাদল, বকুৱাজাৰী, বৰভাগজাৰী, আখৰা আদি গাঁওসমূহৰ মাজেৰে গৈ আখৰাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ ঘটা অতিকৈ এটা অতি ব্যস্ত আৰু গুৰুত্বপূৰ্ণ পথ হ’ল টিহু-গোৱৰাদল-আখৰা লোকনিৰ্মাণ পথ ৷ জিলাখনৰ দ্বিতীয় প্ৰধান নগৰ টিহু আৰু নলবাৰী জিলাৰ সদৰ নলবাৰীক চমু আৰু প্ৰত্যক্ষভাৱে সংযোগ স্হাপন কৰা এই টিহু-গোৱৰাদল-আখৰা লোকনিৰ্মাণ পথটোৰে দিনে নিশাই সহস্ৰাধিক গাড়ী মটৰ চলাচল কৰাৰ লগতে ৰাতিপুৱাৰে পৰা নিশালৈ পথচাৰী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী,বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়ত কাম কৰা কৰ্মচাৰী সকলে  এই পথেৰে অহাযোৱা কৰে৷ কিন্তু পথটোৰ দুৰৱস্হাই বছৰ বছৰ ধৰি জীয়াতু ভোগাই আহিছে পথটোৰে যাতায়ত কৰা ৰাইজক৷ এই গুৰুত্বপূৰ্ণ পথটো বহু বছৰ ধৰি তৰপে-তৰপে খহি যোৱাৰ লগতে সম্পূৰ্ণ পথটোত প্ৰকাণ্ড-প্ৰকাণ্ড পুখুৰীসদৃশ দ’ গাতৰ সৃষ্টি হৈ আজি কেইবা বছৰ ধৰি যাতায়তৰ অনুপযোগী হৈ পৰাত পথচাৰী সকলে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছিল। এই বিষয়ে বিভিন্ন সময়ত সংবাদ মাধ্যমত বিস্তৃতভাবে বাতৰি প্ৰকাশ পোৱাৰ লগতে সময়ে সময়ে বিভিন্ন দল-সংগঠনে পথটো নতুনকৈ নিৰ্মাণ কৰি যাতায়ত সুচল কৰি দিবলৈ দাবী জনাই অহাৰ পাছত বিগত বৰ্ষত লোকনির্মাণ বিভাগৰ মছলপুৰৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে আখৰাৰ পৰা বালি-শিয়ালমাৰীৰ আমেৰিকাৰ চ’কৰ মাজৰ অংশখিনিৰ নামমাত্ৰভাবে মেৰামতি সম্পূৰ্ণ কৰিলে যদিওঁ পথটোৰ বাকী অংশখিনি অৰ্থাৎ আমেৰিকাৰ চ’কৰ পৰা টিহু খলিহাগুৰিলৈ পথচোৱা মেৰামতি নকৰাত সম্প্ৰতি গোটেই পথছোৱা যাতায়তৰ অনুপযোগী হৈ পৰিছে৷আমেৰিকাৰ চ’কৰ পৰা টিহু খলিহাগুৰিৰ অংশখিনিৰ অৱস্থা ইমানেই জৰাজীৰ্ণ হৈছে যে পথটোৰে যাতায়ত কৰিব লাগিলে পথচাৰীয়ে এশবাৰ ভাবিব লগা হ’য়৷ৰাজ্য চৰকাৰখনৰ অমনোযোগিতা আৰু লোকনিৰ্মাণ বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবে সম্প্ৰতি পথটোৰে যান-বাহন চলাচল কৰাটো দূৰৈৰে কথা,সাধাৰণ পথচাৰীও চলাচল কৰোঁতে যমৰ যাতনা ভুগিব লগা হৈছে৷গুৰুত্বপূৰ্ণ এই পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈছে৷পথটোত বৰ্তমানে সৃষ্টি হোৱা প্ৰকাণ্ড-প্ৰকাণ্ড গাঁতবোৰৰ বাবে বৰ্তমান পথটোৰে জণসাধাৰণে যাতায়ত কৰাটো একপ্ৰকাৰ দুঃসাধ্য হৈ পৰিছে৷প্ৰকাণ্ড গাঁতবোৰে যান-বাহনৰ বিস্তৰ ক্ষতি কৰাৰ লগতে পথচাৰীৰ শাৰীৰিক অৱস্থাৰো অৱনতি ঘটাইছে৷আনকি কোনো ৰোগীক যান-বাহনেৰে  চিকিৎসালয়লৈ নিব লগা হলে এই মৰণফান্দসদৃশ পথটোৰ বাবে পৰিয়ালৰ লোক শংকিত হৈ পৰে৷ফলস্বৰূপে ৰোগীসকলৰ জীৱনৰ প্ৰতিওঁ শংকা আহি পৰিছে৷পথটোৰ এনে জৰাজীৰ্ণ অৱস্থাৰ বাবে এতিয়া ৰাইজৰ বিলাই-বিপত্তিৰ সীমা নোহোৱা হৈছে৷আনকি ৰাজ্যৰ পৰিৱৰ্তনকামী বিজিপি মিত্ৰজোঁট চৰকাৰখনে পথটোৰ উন্নয়নৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে৷লগতে লোকনিৰ্মাণ বিভাগৰ গুৰুত্বহীনতাৰ বাবে দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ যাতায়তৰ অনুপযোগী হৈ পৰা এই গুৰুত্বপূৰ্ণ পথচোৱা পুনৰ নিৰ্মাণ নাইবা মেৰামতি কৰি যাতায়তৰ বাবে উপযোগী কৰি তোলাৰ বাবে তাৎক্ষণিক ব্যৱস্থা ল’বলৈ লোকনিৰ্মাণ বিভাগ, জিলা আয়ুক্ত আৰু অসম চৰকাৰৰ গড়কাপ্তানী মন্ত্রী গৰাকীক ৰাইজে দাবী জনাইছে৷
প্ৰেৰক শৈলেন বৰ্মন
You might also like