নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-মণিপুৰ সীমান্তৰ জিৰিবামত বোমা বিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ২৯ মার্চ : লোকসভা নির্বাচনৰ গৰম বতাহৰ মাজত ভাইৰেল এটা খবৰে চাঞ্চল্যেৰ সৃষ্টি কৰিছেl ভাইৰেল হোৱা খবৰ অনুসৰি, বুধবাৰ পুৱতিনিশা তিনি বজাত চুবুৰীয়া ৰাজ্য মণিপুৰৰ জিৰিবাম জিলাৰ জাকুৰাধোৰ গাঁও পঞ্চায়তৰ অন্তর্গত এখন গাঁৱত সংঘটিত হৈছে ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনাl অজ্ঞাত দুস্কৃতিৰ বোমা বিস্ফোৰণৰ ঘটনাত ক্ষতিগ্রস্ত হৈছে কেইবাটাও দোকানl পিছে খবৰ অনুসৰি জিৰিবাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্তl কিন্তু মানুহৰ একো হোৱাৰ খবৰ এতিয়ালৈকে পোহৰলৈ অহা নাইl উল্লেখ্য, বুধবাৰৰ পুৱতিনিশা অসম-মণিপুৰ সীমান্তৰ সমীপৰ মণিপুৰৰ জিৰিবাম জিলাৰ জাকুৰাধোৰ অঞ্চলত এক বিস্ফোৰণ সংঘটিত হয়। অসম-মণিপুৰ সীমান্তৰ সমীপৰ মণিপুৰৰ জিৰিবাম জিলাত সংঘটিত হোৱা বিস্ফোৰণত তিনিখন দোকানৰ ক্ষতিসাধন হয়। এই ঘটনাত তিনিখন দোকানৰ ক্ষতিসাধন হোৱাৰ লগতে কোনো লোক আহত হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ঘটনাৰ তদন্ত কৰি থকা আছাম ৰাইফলছে কয় যে এই বিস্ফোৰণত সম্ভৱতঃ ইম্প্ৰভাইজড বিস্ফোৰক ব্যৱহাৰ কৰা হৈছিল। বিষয়াসকলে জনোৱা মতে, বিস্ফোৰকসমূহৰ অৱশিষ্টখিনি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। বিষয়াসকলে কয় যে দেখাত আই ই ডিৰ দৰে, কিন্তু আমি পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ আগতে ইয়াক নিশ্চিত কৰিব নোৱাৰি।স্থানীয় লোকে জনোৱা মতে, অঞ্চলটোত দুটা গোটৰ মাজত সংঘৰ্ষ সংঘটিত হয়, আৰু এই বিস্ফোৰণ তাৰ ফল হ’ব পাৰে। আমি অঞ্চলটো পৰিদৰ্শন কৰি স্থানীয় ৰাইজক লগ পাইছো। দেখাত ব্যক্তিগত বিষয় যেন লাগে। কোনোবাই কৈছিল যে দোকানীজনে ভাল ব্যৱসায় কৰি আছে, আৰু সেয়েহে কিছুমান মানুহে তেওঁক ঈৰ্ষা কৰিছিল বুলি উল্লেখ কৰে বিষয়াসকলে ।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like