নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলাশবাৰীত ১৭সংখ্যক কামৰূপ জিলাভিত্তিক উশ্বু প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিল : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাগান জাৰাপাতা খেলপথাৰ প্ৰাংগণত আজিৰে পৰা বৰদুৱাৰ উশ্বু একাডেমীৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ১৭সংখ্যক কামৰূপ জিলা (গ্ৰাম্য) উশ্বু প্ৰতিযোগিতা। এই উশ্বু খেলখন ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব। আজি পুৱাৰে পৰা পতাকা উত্তোলন, খেলুৱৈসকলৰ নাম পঞ্জীয়নৰ লগতে দুয়োটা দিনতে বিস্তৃত কাৰ্যসূচীৰে এই উশ্বু প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ’ব। উশ্বু প্ৰতিযোগিতাখনিৰ দুয়োটা দিনৰ কাৰ্যসূচীত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, অসম ফুটবল সংস্থাৰ যুটীয়া সম্পাদক হিমাংশু শেখৰ বৈশ্য, অসম উশ্বু সন্থাৰ সভাপতি মুৰুলীধৰ চৌধুৰী, সাধাৰণ সম্পাদক ৰঞ্জিত বড়ো, ৰাভা হাছঙৰ কেইবাজনো কাৰ্যবাহী সদস্য, আৰছুৰ বিষয়ববীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। উল্লেখ্য যে এই উশ্বু প্ৰতিযোগিতাত তিনিওটা পৰ্যায়ত বাছনি হোৱা খেলুৱৈসকলক পৰৱৰ্তী ৰাজ্যিকভিত্তিক উশ্বু প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ দিয়া হ’ব বুলি জানিবলৈ দিছে কামৰূপ জিলা (গ্ৰাম্য) উশ্বু সন্থাই।

প্ৰেৰক প্ৰীতম বায়ন

You might also like