নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটা চাৰিআলিৰ  সদ্যপ্ৰয়াত দেবেন শৰ্মাৰ বাসভৱনত মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা ,২২ নৱেম্বৰ: অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ সদ্যপ্ৰয়াত বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলৰ অন্যতম সমাজকৰ্মী দেবেন শৰ্মা(৮৪)ৰ আগডলা গাঁৱৰ নিজ বাসগৃহত উপস্থিত হৈ তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি তেওঁৰ বিদেহ আত্মাৰ শান্তি কামনা কৰে । 

শুকুৰবাৰে হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰা এই গৰাকী বিশষ্ট সমাজ সংগঠকৰ বাস ভৱনত উপস্থিত হৈ আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে প্ৰয়াত শৰ্মাই জীৱনকালত সমাজক্ষেত্ৰলৈ আগবঢ়াই যোৱা অৱদানৰো বন্দনা কৰে ।এই সময়ত ড° শৰ্মাই দুটিমান কনমানিক পুষ্টিকৰ আহাৰো খুৱায়। তাৎপৰ্যপূৰ্ণভাৱে জীৱনকালত আন কেতবোৰ পেঞ্চনৰ দৰে সমাজ গঠনত বৰঙনি আগবঢ়োৱা ব্যক্তিৰ বাবেও ৰাজ্য চৰকাৰে ‘সমাজকৰ্মী’পেঞ্চন প্ৰদানৰ পোষকতা কৰি যোৱা এটি বিষয়ো প্ৰয়াত শৰ্মাৰ কণিষ্ঠ পুত্ৰ,যুৱ সমাজকৰ্মী অশোক শৰ্মাই এই সময়ত মুখ্যমন্ত্ৰী গৰাকীৰ সন্মুখত ইয়াক উপস্থাপন কৰি ইয়াক কাৰ্যকৰী কৰিবলৈ অনুৰোধ জনায় । অৱশ্যে, এই ক্ষেত্ৰত ড° শৰ্মাই স্পষ্টকৈ একো নক’লে ।

ইয়াৰ পৰা মুখ্যমন্ত্ৰী গৰাকীয়ে জালুকবাৰী সমষ্টিৰে মান্দাকাটা অঞ্চলৰ এগৰাকী সমাজহিতৈষী,প্ৰবীন গান্ধীবাদী-কংগ্ৰেছী বিগত ৪ অক্টোৱৰত মৃত্যু ঘটা আমজাদ আলীৰ বেজেৰা সমীপৰ শিমেলীবাৰীৰ বাসগৃহতো উপস্থিত হৈ পৰিয়ালবৰ্গলৈ সমবেদনা জনায় ।লগতে তেওঁৰো বিদেহ আত্মাৰ শান্তি কামনা কৰে । তদুপৰি, মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে আলীয়ে আজীৱন সমাজসেৱাত সক্ৰিয়ভাৱে জড়িত হৈ থকাৰ লগতে মান্দাকাটা গাঁও পঞ্চায়তৰ সভাপতি হিচাপে অঞ্চলটোৰ উন্নয়নৰ হেতু নিষ্ঠাৰে কাম কৰি যোৱাৰো শলাগ লয় । photo attached

You might also like