নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত ভয়ংকৰ ঘটনাঃ ফুটগধূলিতে এজনক দাৰে উপৰ্যুপৰি আক্ৰমণ

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ বজালীৰ বাগনা চ’কত আজি সন্ধিয়া সংঘটিত এক ভয়ংকৰ অমানবীয়, নৃশংস তথা পৈশাচিক ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আজি ফুটগধুলিতে এজন ব্যক্তিক দাৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে৷ ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি বজালী জিলাৰ অন্তৰ্গত তথা বালাপাৰা আৰক্ষী চকীৰ অধীনস্থ বাগনা বজাৰত আজি সন্ধিয়া তামোল পান বিক্রি কৰি থকা অৱস্থাত কনক কলিতা নামৰ এজন প্ৰায় ৭০ বছৰীয়া ব্যক্তিক মুকুট দাস নামৰ এজন স্থানীয় যুৱকে অতৰ্কিতে আক্ৰমণ কৰি দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে। সৰ্থেবাৰী থানাৰ অন্তৰ্গত নিজ শালদহ গাৱৰ বাসিন্দা কনক কলিতাই বাগনা বজাৰত অইন দিনৰ দৰে আজিও তামোল পান বিক্রি কৰি আছিল। সন্ধিয়া সময়ত নিজ শালদহ গাৱৰে প্ৰায় ৫০ বছৰীয়া মুকুট দাসে হাতত দা লৈ আহি জনাকীর্ণ বজাৰৰ মাজতে কনক কলিতাৰ মুৰৰ লগতে শৰীৰৰ কেবাটাও স্থানত উপৰ্যুপৰি ঘপিয়াই আক্ৰমণ কৰাৰ ফলত আহত ব্যক্তিগৰাকী ৰাজপথতে মুমুৰ্ষ অৱস্থাত ঢলি পৰে৷ লগে লগে বজাৰত উপস্থিত থকা লোক সকলৰ মাজত হুৱা দুৱা লাগে আৰু আক্ৰমণকাৰী মুকুট দাসে ততালিকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ এই লোমহৰ্ষক ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত বালাপাৰা আৰক্ষী উপস্থিত হৈ তেজেৰে তুমৰলি হৈ পৰি থকা কনক কলিতাক পৰিয়ালৰ লোকৰ সহযোগত পাঠশালা অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে সংকটজনক অৱস্থাত কনক কলিতাক গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। ইপিনে দীৰ্ঘদিনীয়া পাৰিবাৰিক কন্দলৰ পৰিপ্ৰেক্ষিতত মুকুট দাসে আজিৰ পৰা প্ৰায় ৯ মাহ পূৰ্বে কনক কলিতাক কুঠাৰেৰে ৰাজহুৱা স্থানতে আক্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে। যাৰ পৰিণতিত কনক কলিতা চিকিৎসালয়ত চিকিৎসাধীন হব লগা হৈছিল আৰু ঘটনা সন্দৰ্ভত আৰক্ষীত গোচৰও দাখিল কৰিছিল। আনহাতে আজিৰ ঘটনা সন্দৰ্ভত কনক কলিতাৰ পৰিয়ালে বালাপাৰা আৰক্ষী চকীত গোচৰ ৰুজু কৰে।
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like