নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনুষ্ঠানিকভাৱে ব্রিটেইনৰ ৰাজসিংহাসনত আৰোহণ যুৱৰাজ চার্লছৰ

বিশেষ বাৰ্তা, ১০ ছেপ্টেম্বৰঃ ব্রিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ জীৱনাৱসানৰ পাছত সমগ্র দেশখনৰ লগতে পৃথিৱীজুৰি শোকৰ ছাঁ পৰিছে৷ এই শোকদগ্ধ পৰিস্থিতিৰ মাজতেই আজি আনুষ্ঠানিকভাৱে ৰাজকুমাৰ চার্লছক দেশখনৰ নতুন ৰজা হিচাপে দায়িত্ব প্রদান কৰা হৈছে৷ এক বর্ণিল অনুষ্ঠানত ছেইণ্ট জেমছ পেলেচত কালি ব্রিটেইনৰ নতুন সম্রাটৰ দায়িত্ব গ্রহণ কৰে তৃতীয় চার্লছে৷ লক্ষণীয় যে মাতৃৰ বিয়োগৰ পাছতেই চার্লছক দেশখনৰ নতুন ৰজা হিচাপে ঘোষণা কৰা হৈছিল৷ অৱশ্যে আনুষ্ঠানিকভাৱে সম্রাটৰ দায়িত্ব আজিহে গ্রহণ কৰে চার্লছে৷ ছেইণ্ট জেমছ পেলেচত সন্মানীয় একছেছন কাউন্সিলে তৃতীয় চার্লছক ব্রিটেইনৰ নতুন সম্রাট হিচাপে ঘোষণা কৰাৰ লগে লগে দেশখনত সাত দশক পাছত আৰম্ভ হ’ল ৰাজপৰিয়ালৰ নতুন ইতিহাস৷ এই কাউন্সিলত থকা জ্যেষ্ঠ ৰাজনীতিক, বিচাৰপতি তথা আমোলাসকলে আনুষ্ঠানিকভাৱে তৃতীয় চার্লছক সম্রাট হিচাপে মানি লোৱাৰ সময়তে সংগীতমুখৰ পৰিৱেশৰ সৃষ্টি কৰা হয়৷ অৱশ্যে দেশজুৰি এতিয়াও অব্যাহত আছে ৰাষ্ট্রীয় শোক৷ সন্মুখত মাতৃৰ ছবি ৰাখি আজি তৃতীয় চার্লছে জীৱনভৰ দেশবাসীৰ সেৱাৰ বাবে কাম কৰি যাব বুলি ঘোষণা কৰে৷ মাতৃৰ আদর্শকেই পাথেয় হিচাপে মানি চলিব বুলি ঘোষণা কৰে ৰাণী দ্বিতীয় এলিজাবেথৰ উত্তৰসূৰীয়ে৷ ৰাজপৰিয়ালৰ নিয়ম মানি ৰাজসিংহাসনত স্থলাভিষিক্ত হোৱা তৃতীয় চার্লছৰ কার্যকাল আৰম্ভ হোৱাৰ লগে লগে ব্রিটেইনৰ সাত দশক ধৰি চলা বহু পৰম্পৰাৰো অৱসান ঘটিল৷ আজি আনুষ্ঠানিকভাৱে ব্রিটেইনৰ ৰজাৰ দায়িত্ব গ্রহণ কৰাৰ সময়ত চার্লছৰ জ্যেষ্ঠ পুত্র উইলিয়াম আৰু তেওঁৰ স্ত্রী কেট মিডলটনো উপস্থিত থাকে৷ উইলিয়ামে প্রিন্স আৰু কেটে ‘ডিউক এণ্ড ডাছেছ অৱ ৱেলছ’ হিচাপে আনুষ্ঠানিক পৰিচয় লাভ কৰে৷ লক্ষণীয় বিষয়টো হৈছে ৰাণী এলিজাবেথৰ মৃত্যুত শোকাহত হৈ থকা দেশবাসীয়ে কর্তব্য পালনৰ ক্ষেত্রত কোনোধৰণৰ গাফিলতি নকৰিলে৷ গতিকে নতুন ৰজাৰ দায়িত্বভাৰ অতি ক্ষিপ্রতাৰে সম্ভৱ কৰি তোলা হ’ল৷ আজি আনুষ্ঠানিকভাৱে ব্রিটেইনৰ ৰজাৰ দায়িত্ব গ্রহণ কৰাৰ সময়ত আর্কবিছপ জাষ্টিন ৱেলবী, প্রিন্স উইলিয়াম, দেশখনৰ নতুন প্রধানমন্ত্রী লিছ ট্রাছৰ উপৰি জ্যেষ্ঠ ৰাজনীতিকসকল উপস্থিত থাকে৷ দিনৰ ১১ বজাত ব্রিটেইনৰ সিংহাসনত চার্লছে বহাৰ লগে লগে ৰয়েল গান চেল্যুটেৰে সন্মান জনোৱা হয় ৰজাগৰাকীক৷ মাতৃৰ দৰে প্রেম আৰু সততাৰে দেশবাসীক ৰক্ষাৰ দায়িত্ব গ্রহণ কৰা বুলি চার্লছে ঘোষণা কৰাৰ লগে লগে জেমছ পেলেচত উপস্থিত অতিথিসকলে হাত চাপৰিৰে আদৰণি জনায় ৰজা চার্লছক৷ স্মর্তব্য যে ১৯৫২ চনত তিনিবছৰীয়া চার্লছক ব্রিটেইনৰ যুৱৰাজ হিচাপে ঘোষণা কৰা হৈছিল৷ ৭০ বছৰ পাছত অর্থাৎ ৭৩ বছৰ বয়সত দেশখনৰ ৰজাৰ দায়িত্ব পালন কৰিবলগীয়া হ’ল চার্লছে৷ ৰাজসিংহাসনত আৰোহণ কৰিয়েই চার্লছে এটা কথা উল্লেখ কৰে যে নিজৰ কর্তব্য সম্পর্কে তেওঁ অতি সতর্ক৷ মাতৃৰ অনুপ্রেৰণাত বিভিন্ন কাম কৰিবলৈ যিমান যুঁজিবলগীয়া হয়, তেওঁ সিমানেই যুঁজিব বুলিও ঘোষণা কৰে ৰজা তৃতীয় চার্লছে৷

You might also like