নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ মৰম দেখি নিশ্চিত বিটিচিত আমাৰ চৰকাৰ

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ বিটিচি পৰিষদীয় নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণৰ বাবে নির্বাচনী প্রচাৰৰ অন্তিম দিনা   ওদালগুৰি জিলাৰ মাজবাট চাহ বাগিচাত এখন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰি মিত্রদল বি পি এফৰ বিৰুদ্ধে প্রথমবাৰৰ বাবে দুর্নীতি আৰু অপশাসনৰ অভিযোগ তুলি ক্ষুৰধাৰ সমালোচনা কৰে ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ বিটিচিৰ ৩৯নং পাঁচনৈ ছেৰফাং সমষ্টিৰ বিজেপি প্রার্থী দীপক মৌডৰ হৈ এখন বিশাল নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়– ‘পোন্ধৰ বছৰে বিটিচিত শাসন কৰা বি পি এফ দলৰ অপশাসন আৰু দুর্নীতিৰ বাবে এই অঞ্চলৰ ৰাইজে কেন্দ্র আৰু ৰাজ্যৰ কোনো এখন আঁচনিৰ সফল ৰূপায়ণ হোৱা নাই৷ যাৰ অভিযোগ অঞ্চলবাসী ৰাইজে আমাক দিয়াৰ পাছত আমি বিটিচিত শক্তিশালীভাৱে নির্বাচনী প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছেছা আৰু অঞ্চলটোৰ দ্রুত উন্নয়ন আৰু পৰিৱর্তনৰ স্বার্থত অঞ্চলবাসী ৰাইজে বিজেপিৰ প্রতি অকুণ্ঠ মৰম আৰু সঁহাৰি জনাইছে৷

ৰাইজৰ এই মৰম আৰু আশীর্বাদ দেখি আমি নিশ্চিত হৈছেছা যে এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ হ’ব৷’ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে লগতে যোৱা জানুৱাৰী মাহৰ ২৭ তাৰিখে কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বডো বিদ্রোহী সংগঠনসকলৰ সৈতে হোৱা তৃতীয় বডো শান্তি চুক্তি ৰূপায়ণ কৰি অঞ্চলটোৰ দ্রুত উন্নয়নৰ লগতে সকলোৰে সম–ধিকাৰ নিশ্চিত কৰা হ’ব বুলি প্রতিশ্রুতি দিয়াৰ লগতে বিজেপিৰ বাহিৰে বি পি এফ, কংগ্রেছ, এ আই ইউ ডি এফ, ইউ পি পি এল কোনো এটা ৰাজনৈতিক দলে এই চুক্তি ৰূপায়ণ কৰিব নোৱাৰিব বুলিও উল্লেখ কৰে৷

লগতে পঢ়কঃ ৬৬ বছৰীয়া দেউতাক বিয়া কৰাই দিলে পুত্ৰই, ৬৩ বছৰীয়া নতুন মাতৃ পায় সম্পূর্ণ হ’ল পৰিয়াল

তেওঁ বি টি আৰ চুক্তি ৰূপায়ণ কৰি এই চুক্তিত উল্লিখিত ভাৰতবর্ষৰ ভিতৰত প্রথমখন জৈৱিক বিশ্ববিদ্যালয় ওদালগুৰি জিলাত স্থাপন কৰা হ’ব বুলি আশ্বাস দিয়ে৷ তেওঁ কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্রত বিজেপিয়ে প্রতাৰণা কৰা বুলি বিভিন্ন মহলত এক অপপ্রচাৰ চলিছে৷ কিন্তু যি প্রতিশ্রুতি প্রদান কৰে, সেয়া পালন কৰিব৷ সেয়া বিজেপিৰ নীতি আৰু আদর্শ৷ ৰাজ্যৰ ছয় জনগোষ্ঠীৰ লগতে আদিবাসীসকলৰ জনজাতিকৰণৰ প্রক্রিয়াও ক্ষিপ্রতাৰে চলি আছে আৰু তাকো কার্যকৰী কৰা হ’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ মুখ্যমন্ত্রীয়ে চাদ্রি ভাষাতো বক্তব্য প্রদান কৰি ৰাইজক আমোদ দিয়াৰ লগতে বিভিন্ন জনগোষ্ঠীয় নৃত্যশিল্পীৰ নৃত্যৰ তালে তালে হাত চাপৰি বজাই শিল্পীসকল তথা ভোটাৰ ৰাইজক উৎসাহিত কৰে৷ সভাত ভাৰতীয় জনতা পার্টীৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক, মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই ভাষণ প্রদান কৰি পোন্ধৰ বছৰে শাসন কৰা বি পি এফৰ অপশাসন আৰু দুর্নীতিৰ বাবে অঞ্চলটোৰ ৰাইজে সকলো আঁচনি লাভৰ বাবে কমিছন দিবলগীয়া হোৱা আৰু আঁচনিৰ সফল ৰূপায়ণ নোহোৱা বুলি অভিযোগ উত্থাপন কৰে৷

You might also like