নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰবৰী চিনাৰী বস্তিত পুতি থোৱা অস্ত্র, ৫ শতাধিক গুলী উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ বাক্সা আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র৷ বাক্সা জিলাৰ বৰবৰী থানাৰ অন্তর্গত চিনাৰী বস্তিত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র৷ গোপন সূত্রৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও ডুংগলৰ নেতৃত্বত চলোৱা অভিযানত উদ্ধাৰ হয় এই অস্ত্র–শস্ত্র৷ দুটা এ কে ৪৭ ৰাইফল, চাৰিটা মেগজিন আৰু ৫২৭জাঁই সক্রিয় গুলী চিনাৰী বস্তিৰ দিৰিং নৈৰ পাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়৷ এই সম্পর্কে জিলা আৰক্ষী অধীক্ষক হিৰণ্য বর্মনে কয় যে সম্প্রতি উদ্ধাৰ হোৱা এই অস্ত্র–শস্ত্রসমূহ কোন সংগঠনে মাটিত পুতি থৈছিল, সেই সম্পর্কে তাৎক্ষণিকভাৱে ক’ব নোৱাৰি যদিও অনুসন্ধান কৰি থকা হৈছে৷

উদ্ধাৰ হোৱা মাৰণাস্ত্রখিনি এনডিএফবি নে আন কোনো বিদ্রোহী সংগঠনৰ, সেই বিষয়ে এতিয়াও নিশ্চিত হোৱা নাই৷ অৱশ্যে কোনো ব্যক্তিকো আটক কৰা নাই বুলিও মন্তব্য কৰে জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে৷ স্মর্তব্য যে বিগত সময়ছোৱাত ওদালগুৰি, চিৰাং আদি ঠাইতো মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ মাৰণাস্ত্র৷

You might also like