নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মোৰ পৰিচয়’ৰে কনিষ্টবলে ৰাইজৰ সেৱাত ব্রতী হ’বলৈ অনুপ্রেৰণা পাব

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে  অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত অসম আৰক্ষীৰ বিষয়া পার্থসাৰথি মহন্তৰ দ্বাৰা অসম আৰক্ষীৰ কনিষ্টবলসকলৰ কর্তব্য, জীৱন সংগ্রাম, সামাজিক দায়বদ্ধতা, ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিৰ সময়ত তেওঁলোকে আগবঢ়োৱা সেৱা আদিৰ আলোকপাতেৰে ৰচিত ‘মোৰ পৰিচয়’ শীর্ষক কবিতা আবৃত্তিৰ ভিডিঅ’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ এই কবিতা আবৃত্তি কৰিছে অভিনেতা কপিল বৰা আৰু অভিনেত্রী জেৰিফা ৱাহিদে৷

কবিতাটোৰ ভিডিঅ’ উন্মোচন কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে আৰক্ষী বাহিনীৰ কনিষ্টবলসকলে এই ভিডি’ দর্শনৰ জৰিয়তে আৰু অধিক দায়বদ্ধতাৰে জনসাধাৰণৰ সেৱাত ব্রতী হোৱাৰ বাবে অনুপ্রেৰণা লাভ কৰিব৷ কাৰণ এই ভিডিঅ’টোৰ জৰিয়তে তেওঁলোকে দায়বদ্ধতাৰে আগবঢ়োৱা সেৱাৰ অৱলোকন কৰা হৈছে৷ মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰিয়েই তেওঁ আৰক্ষী বাহিনীৰ কনিষ্টবল তথা আউট পোষ্টৰ ইনচার্জ আদিৰ দৰে কর্মীসকলৰ সৈতে আৰক্ষী সঞ্চালকপ্রধানক সঘনাই মত বিনিময় কৰাৰ বাবে নির্দেশ দিছিল বুলি উল্লেখ কৰি এনে কার্যই তেওঁলোকক আৰু অধিক দায়বদ্ধতাৰে সেৱা আগবঢ়োৱাৰ বাবে অনুপ্রাণিত কৰে বুলিও তেওঁ কয়৷ যিকোনো দুর্যোগৰ সময়ত জনসাধাৰণে আৰক্ষীক বন্ধু হিচাপে গণ্য কৰি আহিছে বুলি উল্লেখ কৰি আৰক্ষী বাহিনীয়েও সম্প্রতি তেওঁলোকৰ কাম–কাজসমূহ সুচাৰুৰূপে পালন কৰাৰ বাবে অসম আৰক্ষীৰ সুনাম বৃদ্ধি হৈছে বুলিও তেওঁ কয়৷ এটা টীম হিচাপে কাম কৰাৰ মানসিকতাৰ বাবে অসম আৰক্ষীয়ে এই সুনাম অর্জন কৰাৰ উপৰি বহুতো সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ ব্যস্ততাপূর্ণ কর্তব্যৰ মাজতো সুৰুঙা উলিয়াই অসম আৰক্ষীৰ কনিষ্টবলসকলক উদ্বুদ্ধ কৰিব পৰা সৃষ্টিশীল কবিতাৰ বাবে আৰক্ষী অধীক্ষক মহন্তক প্রশংসা কৰে মুখ্যমন্ত্রী সোণোৱালে৷ কবিতাটোৰ ৰচক আৰক্ষী বিষয়া পার্থসাৰথি মহন্তই আগলৈও এনেধৰণৰ সৃষ্টিশীল কাম–কাজ অব্যাহত ৰাখিব বুলি আশা প্রকাশ কৰে মুখ্যমন্ত্রীয়ে৷

অনুষ্ঠানত বক্তব্য আগবঢ়াই মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীয়ে প্রত্যেক মানুহৰে একো একোটা নিজস্ব সত্তা থাকে বুলি উল্লেখ কৰি এই সত্তাই সদায়ে মানুহক পৰিচালিত কৰি আহিছে বুলি কয়৷ আৰক্ষীৰ পোছাকৰ ভিতৰতো এটা মানুহ তথা মানৱতাৰে ভৰা এখন হূদয় থাকে বুলি উল্লেখ কৰি সেই কথাটোকে পার্থসাৰথি মহন্তই কবিতাটোৰ জৰিয়তে প্রকাশ কৰাত সফল হৈছে বুলিও তেওঁ কয়৷ মানসিক স্বাস্থ্য অটুট থাকিলেহে সকলো কাম সুচাৰুৰূপে সম্পাদন কৰা সম্ভৱ বুলি উল্লেখ কৰি এনেধৰণৰ সৃষ্টিশীল কবিতাই মানসিক স্বাস্থ্য অটুট ৰখাৰ দিশত বিশেষ ভূমিকা পালন কৰে বুলিও মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টাগৰাকীয়ে কয়৷ অনুষ্ঠানত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিং, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (প্রশাসন) হৰমীত সিং প্রমুখ্যে আৰক্ষীৰ শীর্ষ বিষয়াবর্গ উপস্থিত থাকে৷

You might also like