প্রফুল্ল মহন্তৰ বঢ়মপুৰত বিজেপিৰ সমষ্টি দখলৰ ৰণচালি
অগপ–মিত্র দলৰ নেতৃত্বৰ আস্থা হেৰুৱাইছে প্রাক্তন মুখ্যমন্ত্রীযে
নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ ৰাজ্যৰ প্রভাৱশালী ৰাজনীতিক তথা অগপৰ প্রতিষ্ঠাপক সভাপতি, প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত এইবাৰ প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্রফুল্ল কুমাৰ মহন্তই সদ্যসমাপ্ত তিৱা পৰিষদৰ নির্বাচনত বঢ়মপুৰত অগপ–বিজেপিৰ মিত্রতাক প্রত্যাহ্বান জনাই দুটা পৰিষদীয় সমষ্টিত প্রার্থী প্রক্ষেপ কৰিছিল৷ কিন্তু অগপৰ দুয়োগৰাকী প্রার্থী শোচনীয়ভাৱে পৰাজিত হোৱাটোৱে মহন্তক চিন্তিত কৰি তুলিছে৷ দুয়োটা সমষ্টিত বিজেপি প্রার্থী জয়ী হয়৷ আনহাতে, ইতিমধ্যে বিজেপিয়ে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ সমষ্টিত সাংগঠনিক দিশ শক্তিশালী কৰি তুলিবলৈ ব্যাপক তৎপৰতা অব্যাহত ৰখাৰ পিছত তিৱা নির্বাচনত মহন্ত প্রক্ষেপিত দুয়োজন প্রার্থীয়ে পৰাজয়বৰণ কৰাত সমষ্টিটোত মহন্তৰ ভেটি থৰক–বৰক হৈ পৰিছে৷ ইপিনে, ‘কা’ আন্দোলনৰ সময়ৰ পৰাই প্রাক্তন মুখ্যমন্ত্রী মহন্তৰ লগত অগপৰ বর্তমানৰ শীর্ষ নেতৃত্বৰ সংঘাত অব্যাহত আছে৷ আনকি অগপ নেতৃত্বই মহন্তক দলীয় কোনো সিদ্ধান্তৰ বিষয়ে অৱগত নকৰাৰ লগতে দলীয় সভা–সমিতিলৈকো আমন্ত্রণ নজনায়৷ যাৰ বাবে আজি কিছুদিন ধৰি মহন্ত দলীয় কাম–কাজৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে৷ মহন্তৰ এনে অৱস্থাৰ সুযোগ গ্রহণ কৰি বঢ়মপুৰত বিজেপিয়ে সভা–সমিতি অনুষ্ঠিত কৰি সাংগঠনিক দিশ শক্তিশালী কৰি তুলিছে৷ সমষ্টিটোত বিজেপিৰ প্রার্থিত্বপ্রয়াসীসক ভিতৰত প্রাক্তন কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোহহাই, জ্যেষ্ঠ সাংবাদিক সুনীল বৰা, বিজেপি নেতা জিতু গোস্বামী, বিভূতি ভূষণ বৰঠাকুৰ আৰু নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথ অন্যতম৷
উল্লেখ্য যে কিছুদিন ধৰি প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ বঢ়মপুৰ সমষ্টিত অগপৰ সাংগঠনিক কাম–কাজ স্তিমিত হৈ আছে৷ নির্বাচনলৈ মাজত মাথোঁ তিনি মাহ বাকী থকা সময়ত অগপৰ এনে স্থিতিয়ে বিজেপিক উৎসাহিত কৰি তুলিছে৷ ইয়াৰ বিপৰীতে সমষ্টিটোৰ অগপ কর্মীসকল হতাশ হৈ পৰাৰ লগতে একাংশই ইতিমধ্যে বিজেপিত যোগদান কৰিছে৷ আন একাংশই নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদত যোগদানৰ প্রস্তুতি চলাইছে৷ ১৯৯১ চনৰ পৰা একেৰাহে বর্তমানলৈকে সুদীর্ঘ ৩০ বছৰ মহন্তই প্রতিনিধিত্ব কৰা বঢ়মপুৰত অগপৰ ভেটিত খহনীয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ পঞ্চায়ত নির্বাচন আৰু তিৱা পৰিষদৰ নির্বাচনত অগপই শোচনীয়ভাৱে পৰাজয়বৰণ কৰাৰ পিছত মহন্তক অতি চিন্তিত কৰি তুলিছে৷
উল্লেখ্য যে ২০১৬ চনত অগপ–বিজেপি মিত্রজোঁটৰ প্রার্থী হিচাপে মহন্ত ৪০০০ মান ভোটৰ ব্যৱধানত জয়ী হৈছিল৷ বিজেপিৰ নেতাসকলে জনোৱা মতে, ২০১৬ৰ নির্বাচনত বিজেপিয়ে সহায় কৰাৰ বাবেহে মহন্ত জয়ী হৈছিল৷ বিজেপি নেতাসকলে অভিযোগ কৰা মতে, মহন্তই বিজেপিৰ বিৰোধিতা কৰি আহিছে৷ ইয়াৰ পিছতো পঞ্চায়ত নির্বাচন, তিৱা সমষ্টিৰ নির্বাচনত সমষ্টিটোত বিজেপিয়ে জয়লাভ কৰিছে৷ যোৱা লোকসভা নির্বাচনত মহন্তই ভোট বর্জন কৰাৰ পিছতো বঢ়মপুৰত বিজেপি প্রার্থীগৰাকীয়ে যথেষ্ট ভোটত অগ্রগতি লাভ কৰিছিল৷ সেয়ে এইবাৰ বিজেপিয়ে বঢ়মপুৰ বিধানসভা সমষ্টি অগপ তথা মহন্তক কোনো কাৰণতে এৰি দিবলৈ ৰাজী নহয়৷ মহন্তই অগপ–বিজেপিৰ মিত্রতাৰ বিপৰীত মেৰুত অৱস্থান কৰি অগপ দলৰ সন্মুখত প্রত্যাহ্বানৰ সৃষ্টি কৰি আহিছে৷ যাৰ বাবে অগপ নেতৃত্বই এইবাৰ বঢ়মপুৰত অগপ প্রার্থী হিচাপে মহন্তক প্রক্ষেপ কৰিবলৈ বিচৰা নাই৷ ইয়াৰ পূর্ণ সুযোগ গ্রহণ কৰি বিজেপি দলে বঢ়মপুৰত বিজেপি প্রার্থী প্রক্ষেপ কৰাৰ সিদ্ধান্ত প্রায় চূডান্ত কৰিছে৷ অগপ–বিজেপি মিত্রতাৰ সূত্রে যদি শেষ মুহূর্তত অগপক বঢ়মপুৰ এৰি দিয়া হয়, তেন্তে অগপই মহন্তক প্রার্থিত্ব দিয়াৰ সম্ভাৱনা কম৷ তেনেস্থলত জলসম্পদ মন্ত্রী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তই অগপৰ পৰা প্রার্থিত্ব পোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে প্রাক্তন মন্ত্রী প্রফুল্ল কুমাৰ মহন্তই সহজতে বঢ়মপুৰ সমষ্টি আনক এৰি দিব নিবিচাৰিব৷