নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড প্ৰট’কল ভাঙি বিপদত প্ৰিয়ংকা!

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ বিশ্বজুৰি ক’ভিড–১৯ মহামাৰীৰ সংহাৰৰ পৰা পৰিত্রাণ পাবলৈ ভেকচিন প্রদানৰ তৎপৰতা আৰম্ভ হোৱাৰ সময়তে ইউৰোপীয় দেশ ব্রিটেইনত ক’ভিডৰ পৰিৱর্তিত প্রকাৰে নতুন সংহাৰ আৰম্ভ কৰিছে৷ মূল ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছতকৈ এই পৰিৱর্তিত ভাইৰাছবিধে ৭০ গুণ অধিক দ্রুততাৰে সংক্রমণ ঘটাব পাৰে বুলি চিকিৎসা বিজ্ঞানী তথা গৱেষকসকলে ঘোষণা কৰিছে৷

ইপিনে লণ্ডনত লকডাউন চলি থকা স্বত্বেও অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই বুধবাৰে চেলুনলৈ গৈছিল। লকডাউনৰ বাবেই চেলুন, স্পা আদিৰ দৰে ব্যক্তিগত সেৱাবোৰ নিষিদ্ধ কৰিছে। এনেসময়তে ক’ভিড প্ৰট’কল ভংগ কৰি প্ৰিয়ংকাই মাতৃ মধু চোপ্ৰাৰ সৈতে চেলুনলৈ গৈছিল।

তাৰপিছত সেই স্থানত আৰক্ষী উপস্থিত হৈ চেলুনৰ গৰাকীক আৰক্ষীয়ে মৌখিকভাৱে সতৰ্ক কৰি দিছিল। অৱশ্যে, কোনো জৰিমনা আৰোপ কৰা হোৱা নাছিল। অৱশ্যে কোভিড প্ৰটোকল ভঙাৰ পিছত, প্ৰিয়ংকা চোপ্ৰাৰ ফালৰ পৰা কোৱা হৈছিল যে তেওঁৰ আগন্তক চিনেমাখনৰ বাবেহে সেই স্থানলৈ গৈছিল যি পূৰ্বেই অনুমতি লোৱা হৈছিল।

You might also like