নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ নির্দেশত বোকা গচকি নির্মীয়মাণ বটদ্রৱা প্রকল্পত সাংস্কৃতিক মন্ত্রী

নিয়মীয়া বাৰ্তা, ১২ জুন:  গুৰুজনাৰ অমৃত সোঁৱৰণত তেখেতৰ জন্মস্থান বটদ্রৱাত অসমীয়া ৰাইজৰ অনুভৱ, উপলব্ধি, আশা–আকাংক্ষাখিনি হূদয়ংগম কৰি এই প্রকল্প নির্মাণ কৰিবলৈ আগবাঢ়িছেছা৷ চলচ্চিত্র জগতৰ কল্যাণৰ বাবে আমাৰ চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিব৷ লগতে শিল্পীসকলৰ বাবেও অনাগত দিনত সুখবৰ আহিব৷ –এই মন্তব্য সাংস্কৃতিক মন্ত্রী বিমল বৰাৰ৷ বটদ্রৱা থানত নির্মীয়মাণ ‘বটদ্রৱা প্রকল্প’স্থলীত উপস্থিত হৈ শুকুৰবাৰে বিয়লি সাংস্কৃতিক পৰিক্রমা দপ্তৰৰ মন্ত্রী বিমল বৰাই এই মন্তব্য কৰে৷

বটদ্রৱা থানৰ আকাশী গংগাৰ তীৰৰ বেদখলমুক্ত ভূমিত ১৮৮ কোটিটকীয়া প্রকল্পস্থলীত উপস্থিত হৈ বোকা–পানী গচকি নির্মাণকার্য পৰিদর্শন কৰে৷ যোৱা ৮ জুনত অনুষ্ঠিত চৰকাৰৰ কেবিনেট বৈঠকত ‘বটদ্রৱা প্রকল্প’ৰ কাম–কাজ ত্বৰান্বিত কৰা আৰু নিৰীক্ষণৰ দায়িত্ব প্রদান কৰিছিল সাংস্কৃতিক পৰিক্রমা দপ্তৰৰ মন্ত্রী বিমল বৰাক৷ প্রতি মাহত পুংখানুপুংখভাৱে নিৰীক্ষণ কৰিবলৈ দায়িত্ব দিয়াৰ পিছত আজি প্রথমবাৰৰ বাবে মন্ত্রীগৰাকীয়ে বটদ্রৱা প্রকল্পস্থলী পৰিদর্শন কৰে৷

মন্ত্রী বৰাই কয়– ‘অসমৰ সমাজ জীৱনৰ কাৰণে গুৰুজনাৰ আশিস অতুলনীয়৷ ৩ কোটি ৫০ লাখ জনসাধাৰণে সমাজ, জীৱন, কৃষ্টি–সংস্কৃতি, ৰীতি–নীতি– এই গোটেইখিনি গুৰুজনাৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০২২ চনৰ ২১ এপ্রিলৰ ভিতৰত এই কাম সম্পূর্ণ হৈ উঠাৰ কাৰণে বিভাগক চৰকাৰী নির্দেশনা দিছে৷’ মন্ত্রী বিমল বৰাই প্রাক্তন বিধায়িকা আঙুৰলতা ডেকা, নগাঁও জিলা উপায়ুক্ত কবিতা পদ্মনাভন, সাংস্কৃতিক পৰিক্রমা বিভাগৰ অতিৰিক্ত মুখ্য সচিববৰঠাকুৰ, সঞ্চালক ঠাকুৰীয়াক লগত লৈ বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱা, সদস্য বিপিন বৰা, গাঁও পঞ্চায়তৰ সভানেত্রী নমিতা হাজৰিকা বৰা, সমাজকর্মী তৰুণ পাঠকপ্রমুখ্যে বিষয়ববীয়াসকলৰ লগতো প্রকল্পস্থলীত কাম–কাজৰ অগ্রগতিৰ সন্দর্ভত এক সৌহার্দ্যপূর্ণ আলোচনাত মিলিত হয়৷ বটদ্রৱা থান পৰিচালনা সমিতিয়ে মন্ত্রীগৰাকীক ধর্মবস্ত্র আৰু ধর্মগ্রন্থৰে আদৰণি জনায়৷ ইফালে অসমত চিনেমাগৃহ বন্ধ হৈ পৰা সন্দর্ভত সাংস্কৃতিক মন্ত্রীগৰাকীয়ে আক্ষেপ প্রকাশ কৰি কয় যে এইয়া আমাৰ বাবে দুর্ভাগ্যজনক৷

You might also like