নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলপথেৰে বাংলাদেশলৈ পশুধন সৰবৰাহৰ চেষ্টা; দঃ শালমাৰা–ফকিৰগঞ্জ ২২টা চোৰাং গৰু জব্দ

নিয়মীয়া বাৰ্তা, ১২ জুন: দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ থানাৰ অন্তর্গত দুই পৃথক স্থানৰ পৰা আৰক্ষীয়ে অভিযান চলাই ২২টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়৷ দক্ষিণ শালমাৰা থানাৰ অন্তর্গত বাচিৰচৰত শুকুৰবাৰে পুৱা প্রায় ৭ বজাত আৰক্ষীয়ে গোপন সূত্রৰ ভিত্তিত অভিযান চলায়৷

ভাৰপ্রাপ্ত আৰক্ষী বিষয়া অতুল ৰায় প্রধানীয়ে নদীৰ মাজৰ পৰা নাওসহ ১০টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়৷ গৰুকেইটাৰ ভৰি বান্ধি নাওত উঠাই বাংলাদেশলৈ নিয়া অৱস্থাত আৰক্ষীয়ে জব্দ কৰে৷ আৰক্ষীক দেখি সৰবৰাহকাৰী দলটো নাও এৰি পলায়ন কৰাত আৰক্ষীয়ে গৰুকেইটা উদ্ধাৰ কৰে৷

ইফালে, ফকিৰগঞ্জ থানাৰ অন্তর্গত পোদাদাৰ ভিটা গাঁৱত যোৱানিশা প্রায় ১১ বজাত ফকিৰগঞ্জ আৰক্ষীয়ে আন এক পৃথক অভিযানত ১২টা চোৰাং গৰু জব্দ কৰে৷ চোৰাং সৰবৰাহকাৰীয়ে গৰুকেইটা বাংলাদেশলৈ নিয়াৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গৰুকেইটা জব্দ কৰে৷

You might also like