নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেৰ বছৰৰ মূৰত ট্রেকত নামি সোণৰ পদক জয় জেভলিন থ্র’ৱাৰ নিৰজ চোপ্রাৰ

নিয়মীয়া বাৰ্তা, ১২ জুন: টকিঅ’ অলিম্পিকৰ পূর্বে ফর্মলৈ উভতিছে ভাৰতৰ তাৰকা জেভলিন থ্র’ৱাৰ নিৰজ চোপ্রা৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকৰ প্রতি লক্ষ্য ৰাখি উন্নত অনুশীলনৰ বাবে পর্তুগালৰ লিছবনলৈ যোৱা যুৱ তাৰকাগৰাকীয়ে শুকুৰবাৰে লিছবনত অনুষ্ঠিত এখন আন্তঃৰাষ্ট্রীয় এথলেটিকছ প্রতিযোগিতাত স্বর্ণপদক জয় কৰিবলৈ সক্ষম হৈছে৷

এছিয়ান আৰু কমনৱেল্থ গেমছৰ প্রাক্তন চেম্পিয়ন নিৰজ চোপ্রাই ৮৩.১৮ মিটাৰ থ্র’ কৰি এই সাফল্য অর্জন কৰে৷ ৮০.৭১ মিটাৰ দলিয়াই আৰম্ভণি কৰা জেভলিন থ্র’ৱাৰগৰাকীয়ে ষষ্ঠ তথা অন্তিমটো থ্র’ত ৮৩.১৯ মিটাৰ দলিয়াই লিছবনৰ প্রতিযোগিতাখনত শ্রেষ্ঠত্ব অর্জন কৰে৷

উল্লেখ্য যে ২৩ বছৰীয়া ভাৰতীয় জেভলিন থ্র’ৱাৰগৰাকীয়ে বিগত বর্ষৰ জানুৱাৰীত অন্তিমবাৰৰ বাবে আন্তঃৰাষ্ট্রীয় ইভেণ্টত অংশ লৈছিল৷

ইফালে, অলিম্পিকত ভাৰতৰ অন্যতম পদকপ্রত্যাশী মহিলা মল্লযুঁজাৰু ভিনেশ ফ’গাটে পোলেণ্ড অ’পেন ৰেষ্টলিঙৰ ফাইনেলত প্রৱেশ কৰিছে৷ ২৬ বছৰীয়া তাৰকাগৰাকীয়ে শুকুৰবাৰে আমেৰিকাৰ প্রতিদ্বন্দ্বীক পৰাস্ত কৰি ৫৩ কেজিৰ ফাইনেলত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে৷ ভাৰতৰ অংশ মালিকে জ্বৰৰ বাবে নাম প্রত্যাহাৰ কৰিছে৷

You might also like