নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ নিৰ্বাচনঃ ভৱানীপুৰ সমষ্টিৰ গাতিত কংগ্ৰেছ দলৰ বিশাল নিৰ্বাচনী সভা

ৰাজ্যিক সভাপতি ভূপেন বৰা, বিৰোধী দলপতি, চিপিএআইএমৰ বিধায়কৰ অংশগ্রহণ

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ ৰাজ্যৰ পাছটা বিধানসভা সমষ্টিৰ সমান্তৰালকৈ ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । একেদৰে কংগ্ৰেছ দলৰ মাজতো নিৰ্বাচনী বতাহ তীব্র গতিৰে বলা দেখা গৈছে।

সেইমৰ্মে ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা বাক্সা জিলাৰ গাতিত মংগলবাৰে কংগ্ৰেছ দলৰ এখনি বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায়। ভৱানীপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শৈলেন্দ্র নাথ দাসৰ হৈ অনুষ্ঠিত নিৰ্বাচনী সভাত  ভূপেন বৰাই অংশগ্রহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়।

 ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয়- ভৱানীপুৰ ৰাইজৰ স্বাভিমানক জলাঞ্জলি দি পূৰ্বৰ চৰকাৰৰ দিনত এজন অপৰাধী বুলি চিহ্নিত লোকক টিকট দি দলৰ মৰ্যাদা নষ্ট কৰাৰ উপৰিও ভৱানীপুৰবাসী ৰাইজৰ স্বভিমানক জলাঞ্জলিত দিছে । আজি নেৰানেপেৰা বৰষুণৰ মাজতো ৰাইজ স্বতস্ফূর্ত ভাবে ওলাই আহি আমাক প্ৰমাণ কৰি দিছে যে আগন্তুক উপ নিৰ্বাচনত আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শৈলেন্দ্র নাথ দাসৰ ভোট প্ৰদান কৰি নিশ্চিত ভাবে জয়যুক্ত কৰিব।

বাক্সা জিলা কংগ্ৰেছৰ সভাপতি ভূপেন দৈমাৰীয়ে সভাপতিত্ব কৰা সভাখনত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, প্ৰাৰ্থী শৈলেন্দ্র নাথ দাসে বিজেপি দল তথা প্ৰাৰ্থী ফণীধৰ তালুকদাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

Input: লৱ কুমাৰ দাস 

You might also like