নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত সক্রিয় আইপিএল জুৱাৰী চক্রৰ বিৰুদ্ধে অপৰাধ অনুসন্ধান শাখাৰ অভিযানঃ ২৬.৪২ লাখ টকা জব্দ

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ সদ্যসমাপ্ত আই পি এলক লৈ বুকীৰ জৰিয়তে অনা–অসমীয়া বণিয়াই ৰাজ্যৰ পৰা কোটি কোটি টকা সংগ্রহ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ মহানগৰ আৰক্ষী অপৰাধ শাখাই গুৱাহাটীত গ্রেপ্তাৰ কৰা দুই বুকীৰ স্বীকাৰোক্তিত পোহৰলৈ অহা তথ্যত আছে অনা–অসমীয়া বণিয়াই নিয়ন্ত্রণ কৰি থকা আই পি এলৰ কোটিটকীয়া জুৱাৰ বহু বিস্ফোৰক কাহিনী৷

গুৱাহাটীত বাহৰ পাতি অনা অসমীয়া বণিয়া অশোক জৈন, মনোজ জৈন, অজয় আগৰৱালাকে ধৰি কেইবাটাও অনা অসমীয়া বণিয়াই আই পি এলৰ জুৱা চলাইছিল৷ ধৃত দুই বুকী ৰৌণক বাজাৰীয়া আৰু দ্বীপেশ বাজাৰীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত সোমবাৰে মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ফাঁচীবজাৰ আৰু আঠগাঁৱত অভিযান চলায়৷

অভিযানকাৰী দলটোৱে ধৃত দুই বুকীক লগত লৈ ফাঁচীবজাৰৰ যোগাৰছ আৰু আঠগাঁৱৰ চি আৰ কুঞ্জ এপার্টমেণ্টত অভিযান চলাই নগদ ২৬.৪২ লাখ টকাৰ লগতে তিনিটা ম’বাইল ফোন আৰু আই পি এল জুৱাৰ বহু আপত্তিজনক নথি–পত্র জব্দ কৰে৷ মহানগৰ আৰক্ষী অপৰাধ শাখাৰ অভিযানকাৰী দলটোৱে আঠগাঁৱৰ চি আৰ কুঞ্জ নামৰ বিলাসী এপার্টমেণ্টটোত অভিযান চলাই এই বৃহৎ পৰিমাণৰ ধন জব্দ কৰে৷ অপৰাধ শাখাই চি আৰ কুঞ্জৰ প্রথম মহলাটো ছীল কৰি দিয়ে৷

মহানগৰ আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি অনা অসমীয়া ব্যৱসায়ী মনোজ জৈন আৰু অশোক কুমাৰ জৈনৰ নেতৃত্বত গুৱাহাটী, তিনিচুকীয়া, শিৱসাগৰ, বৰপেটাকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত কোটি কোটি টকাৰ আই পি এলৰ জুৱা চলিছিল৷ এই জুৱাত মহানগৰীৰ ফাঁচীবজাৰ, বেলতলা, লাখটকীয়াকে ধৰি বিভিন্ন স্থানৰ বহুকেইজন ঠিকাদাৰ, বিল্ডাৰ, ঘোচখোৰ চৰকাৰী বিষয়াকে ধৰি বহু যুৱক–যুৱতীয়ে বুকীৰ জৰিয়তে টকা লগাইছিল৷ অপৰাধ অনুসন্ধান শাখাই দ্বীপেশ আৰু ৰৌণকৰ স্বীকাৰোক্তিৰ ভিত্তিত আই পি এলৰ জুৱাত অংশগ্রহণ কৰা ঠিকাদাৰ, বিল্ডাৰ, চৰকাৰী বিষয়াৰ দীঘলীয়া লিষ্ট তৈয়াৰ কৰিছে৷

ইতিমধ্যে অপৰাধ অনুসন্ধান শাখাই জব্দ কৰা ম’বাইল ফোনৰ তথ্যৰ ভিত্তিত অনুসন্ধান অব্যাহত ৰাখিছে৷ ধৃত দুই বুকীৰ স্বীকাৰোক্তিৰ ভিত্তিতে অভিযানকাৰী দলটোৱে অজয় আগৰৱালাৰ ঘৰতো অভিযান চলাইছিল৷ আই পি এলৰ দুই বুকী গ্রেপ্তাৰ হোৱাৰ পিছতে অনা অসমীয়া বণিয়া অজয় আগৰৱাল, মনোজ জৈন, অশোক জৈনকে ধৰি আই পি এলৰ জুৱাৰ লগত জড়িত থকা ব্যৱসায়ীকেইজনে গুৱাহাটীৰ পৰা পলায়ন কৰি বহিঃৰাজ্যত আশ্রয় গ্রহণ কৰিছে৷ অপৰাধ শাখাই আই পি এলৰ জুৱা চলোৱা এই অনা–অসমীয়া বণিয়াকেইজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে৷ আই পি এলৰ জুৱাৰ নামত কোটি কোটি টকাৰ ব্যৱসায় চলোৱা অনা অসমীয়া ব্যৱসায়ীকেইজন শীঘ্রে অপৰাধ অনুসন্ধান শাখাৰ জালত পৰাৰ সম্ভাৱনা আছে৷

You might also like