নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ গৰুখুঁটিত চৰকাৰী কৃষি আঁচনিৰ ভূমি পূজন

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ পুৰোহিতৰ মন্ত্রোচ্চাৰণ আৰু শংখ–ঘণ্টা ধ্বনিৰ এক মাংগলিক পৰিৱেশৰ মাজেৰে ছিপাঝাৰৰ গৰুখুঁটিৰ চৰ–চাপৰিত ৰূপায়ণ হ’বলগীয়া চৰকাৰী কৃষি আঁচনিৰ ভূমি পূজন আজি সম্পন্ন কৰা হয়৷ঐতিহাসিক ধলপুৰ ধামৰ প্রাংগণত সম্পূর্ণ বৈদিক ৰীতি–নীতিৰে অনুষ্ঠিত ‘ভূমি পূজন’ৰ পিছতেই চৰকাৰী কৃষি সমিতিৰ অধ্যক্ষ তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই নিজেই ট্ৰেক্টৰ চলাই মাটি চহোৱাৰো শুভাৰম্ভ কৰে৷ এই কার্যত সহযোগ কৰে ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়েও৷

উল্লেখ্য যে ক’ভিড প্রট’কলৰ বাবে একেবাৰে সীমিতসংখ্যক লোকৰ উপস্থিতিত ঐতিহাসিক ধলপুৰ ধামৰ প্রাংগণত অনুষ্ঠিত ভূমি পূজনৰ জৰিয়তেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দূৰদর্শী চিন্তাধাৰাৰো যেন আজি বাস্তৱ প্রতিফলন ঘটিল৷ অৱশ্যে বৃহত্তৰ চৰ–চাপৰিৰ ৭৭,৪২০ বিঘা ভূমিক কেন্দ্র কৰি চৰকাৰে কৃষি আঁচনিৰ পৰিকল্পনা গ্রহণ কৰিলেও প্রাৰম্ভিক অৱস্থাত ধলপুৰ শিৱ মন্দিৰৰ নামত সংৰক্ষিত ভূমিৰ পৰাই এই আঁচনি ৰূপায়ণ হ’ব৷ ধলপুৰ ধামৰ ঐতিহ্যমণ্ডিত পাহাৰৰ নামনিৰ অস্থায়ী মণ্ডপত সম্পন্ন হোৱা ভূমি পূজনত অংশ লোৱাৰ পিছতে সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকাই আজিৰ দিনটো ছিপাঝাৰবাসীৰ বাবেই ঐতিহাসিক দিন বুলি উল্লেখ কৰে৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আত্মনির্ভৰশীল অসম আৰু সংগঠিত কৃষি বিপ্লৱৰ বাবে যি দায়িত্ব প্রদান কৰিছিল, সেয়া নিষ্ঠাসহকাৰে গ্রহণ কৰি গৰুখুঁটিবাসী ৰাইজৰ লগত আলাপ–আলোচনাৰে সম্পূর্ণ কার্যসূচী আগবঢ়াই নিয়া হ’ব বুলি উল্লেখ কৰে৷ সমগ্র অঞ্চলটোত মাছ, মাংস, গাখীৰ, কণী উৎপাদনকে ধৰি জৈৱিক পদ্ধতিৰ কৃষিৰে নিবনুৱা যুৱক–যুৱতীক সংস্থাপন দিয়াৰ লগতে বজাৰো দখল কৰাৰ লক্ষ্য বান্ধি লোৱা বুলি তেওঁ উল্লেখ কৰে৷

ইফালে মুখ্যমন্ত্রীৰ দায়িত্বভাৰ লৈয়েই ড০ শর্মা নিজে আহি ধলপুৰত উপস্থিত হৈ ঐতিহাসিক শিৱমন্দিৰ উন্নয়নৰ লগতে যি কৃষি আঁচনিৰ কথা উল্লেখ কৰিছিল, সেয়া বাস্তৱ ৰূপত কৰি দেখুৱাবৰ বাবে বদ্ধপৰিকৰ বুলি মন্তব্য কৰি কোনো শক্তিয়ে সেয়া বাধা দিব নোৱাৰে বুলি উল্লেখ কৰে সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকাই৷ এইক্ষেত্রত তেওঁ সকলোৰে সহায়–সহযোগিতাও কামনা কৰে৷ আনহাতে চৰকাৰী বেদখলী ভূমি উচ্ছেদ সন্দর্ভত পদ্ম হাজৰিকাই প্রকাশ কৰা মতে ভূমিনীতি অনুসৰি চৰকাৰে য’ত য’ত প্রয়োজন হয়, তাতে চৰকাৰে উচ্ছেদ কৰিব আৰু কোনোবাখিনিত হয়তো মানৱীয় দৃষ্টিভংগীৰ কথাও আহিব পাৰে৷কিন্তু সেই বুলি খালী ঠাই থাকিল বুলিয়েই যিকোনো মানুহ বহি যাব সেয়া কোনোপধ্যে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ অসম চৰকাৰে ২০২০–২১ৰ বাজেটত ইতিমধ্যে অসমৰ ভিতৰত প্রথমবাৰলৈ ৰূপায়ণ হ’বলগীয়া

এই আঁচনিৰ বাবদ ৯.৬০ কোটি টকা আবণ্টন দিছে বুলি উল্লেখ কৰি আগন্তুক দিনত সংগঠিত এই কৃষি বিপ্লৱে মূৰ দাঙি উঠিব বুলিও তেওঁ প্রকাশ কৰে৷ আনহাতে চৰকাৰী কৃষি সমিতিৰ সদস্য তথা ছিপাঝাৰৰ বিধায়ক ড০ ৰাজবংশীয়ে বাৰিষাৰ ঠিক পিছতেই কৃষি আঁচনি ৰূপায়ণৰ সম্ভাৱনীয়তা ব্যক্ত কৰে৷ বিশেষকৈ বাৰিষা সাধাৰণতে বিস্তীর্ণ অঞ্চলটি বানৰ কবলত থাকে বাবেই ছেপ্ঢেম্বৰ মাহমানৰ পৰাই পূর্ণগতিত কৃষি আঁচনি ৰূপায়ণ হ’ব আৰু আগন্তুক তিনি মাহৰ ভিতৰত ইয়াৰ ফল ৰাইজে দেখিবলৈ পাব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে৷ উল্লেখ্য যে সেনাৰ ‘ইক’লজিকেল টাস্ক ফর্চে’ গৰুখুঁটিত বাহৰ পাতি চৰৰ জৰীপ কার্য আৰম্ভ কৰিছে৷ আজিৰ কার্যসূচীত সেনাবাহিনীৰ মেজৰৰ উপৰি দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্র ডেকা, মঙলদৈ সমষ্টিৰ প্রাক্তন বিধায়ক গুৰুজ্যোতি দাসকে ধৰি ধলপুৰ মন্দিৰ পৰিচালনা সমিতিৰ সীমিতসংখ্যক বিষয়ববীয়া উপস্থিত থাকে৷
মন্দিৰলৈ যোৱা ব্রহ্মপুত্রৰ সুঁতিত গো–মাংসৰ অৱশিষ্ট
ছিপাঝাৰৰ ধলপুৰত অনুষ্ঠিত ভূমি পূজন থলীকে ধৰি ধলপুৰ শিৱধামলৈ যোৱা জলপথত আজি কেইবাঠাইতো দেখা গ’ল গো–মাংসৰ অৱশিষ্ট অংশ৷ যিটো কথাই সৃষ্টি কৰিছে বিৰূপ প্রতিক্রিয়াৰ৷ লক্ষণীয় যে গৰুখুঁটিৰ পৰা বর্তমান সময়ত ধলপুৰলৈ যাবলৈ একমাত্র সম্বল হ’ল ব্রহ্মপুত্র সংলগ্ণ মৰাসুঁতিটো৷ মুখ্যমন্ত্রী ড০ শর্মাই বিগত ৭ জুনত ধলপুৰলৈ অহাৰ পিছৰে পৰা ঐতিহাসিক থানখনে অত্যধিক চর্চা লাভ কৰে৷আৰু এই জলপথ ব্যৱহাৰ কৰিয়েই দৈনিক যাত্রীয়ে অহা–যোৱা কৰে৷ আজিৰ ভূমি পূজনৰ স্থানো আছিল ধামৰ প্রাংগণতে৷ কিন্তু উক্ত সুঁতিটোৰ কেইবাঠাইতো দেখা গ’ল গৰুৰ পাকস্থলী তথা নাডী–ভুৰুৰ অংশ৷ যিহেতু আজি পবিত্র ঈদ–উজ– জোহা আৰু উক্ত অঞ্চলটো ইছলামধর্মী অধ্যুষিত অঞ্চল, তেনে ক্ষেত্রত ভক্ষণ কৰা গৰুৰ অৱশিষ্ট এনেদৰে নৈত পেলাই দিয়াৰ বাবে এনেদৰে য’তে–ত’তে ওপঙি উঠে৷ যিটো কেৱল উক্ত জলপথেদি আহ–যাহ কৰা অইন ধর্মাৱলম্বীৰ ধর্মীয় অনুভূতিত আঘাত হনাই নহয়, জনস্বাস্থ্য আৰু পাৰিপার্শ্বিকতাৰ প্রতিও সৃষ্টি কৰিছে ভাবুকি৷ আজি ভূমি পূজন অনুষ্ঠান থকাৰ বাবে এয়া কোনো দুষ্ট প্রকৃতিৰ লোকৰ পৰিকল্পিত কার্য নেকি, সেয়াও বিচার্যৰ বিষয় হৈ পৰিছে৷

You might also like