নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুপাৰি মাফিয়া হান্নানক ৩ কোটি টকা দাবী কৰিছিল অখিল গগৈয়ে

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ ম্যানমাৰৰ পৰা সৰবৰাহ কৰা চোৰাং বার্মিজ চুপাৰিৰ ব্যৱসায়েৰে কোটিপতি হোৱা চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক বঙাইগাঁৱৰ এটা গোচৰৰ ভিত্তিত গ্রেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ ইয়াৰ পিছতে কালি অসম আৰক্ষীৰ হাতৰ পৰা অস্ত্র কাঢ়ি লৈ পলায়নৰ চেষ্টা চলোৱাত আৰক্ষীয়ে ভৰিত গুলী কৰে৷ ইয়াৰ পাছতে গোলাঘাটৰ নিজ বাসগৃহ থকা অঞ্চলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷

বুধবাৰে আধাসত্রৰ গোসাঁই সত্রৰ এফ এম আৰ স্মার্ট স্কুলত অনুষ্ঠিত এখন সংবাদ মেলত চৰকাৰ, সংবাদ মাধ্যম, আৰক্ষীৰ লগতে কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক তীক্ষ্ণ সমালোচনা কৰে ৷ চৰকাৰক কোটি কোটি টকাৰ আয়কৰ দিয়া অসমীয়া খিলঞ্জীয়া চুপাৰি ব্যৱসায়ী আব্দুল হান্নান কেনেকৈ মাফিয়া হ’ল বুলি প্রশ্ণ তুলি কৃষক নেতা অখিল গগৈয়ে ৩ কোটি টকা আব্দুলৰ পৰা দাবী কৰিছিল বুলি অভিযোগ কৰে৷ দাবী কৰা ধন নিদিয়াৰ বাবেই নিজকে অখিল গগৈয়ে আস্ফালন কৰি আছে বুলিও সংবাদ মেলত অভিযোগ কৰে এফ এম ফুড প্রচেছিং এণ্ড এগ্রো বেছড ইণ্ডাষ্ট্রীজ প্রাইভেট লিমিটেডৰ কর্মচাৰীয়ে৷

আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা আব্দুল হান্নান কোম্পানীৰ কর্মচাৰীয়ে এক সংবাদ মেল সম্বোধন কৰি কোম্পানীৰ পৰিচালক মাধৱ শইকীয়াই কয় যে বিধায়ক অখিল গগৈয়ে এটা সময়ত সংগঠন চলাবৰ বাবে আব্দুল হান্নানৰ পৰা তিনি কোটি টকা বিচাৰিছিল আৰু দাবী কৰা ধন নিদিয়াৰ বাবে লম্ফ–জম্ফ কৰি আস্ফালন কৰি আছে বুলি অভিযোগ কৰে৷ ২০১৮–১৯ আৰু ২০১৯–২০ চনত আব্দুল হান্নানে চৰকাৰক মুঠ ১২,৩৫,৮৩,৯১৪ টকাৰ আয়কৰ আৰু ২০,১১,৪৮,৩০০ টকাৰ জি এছ টি প্রদান কৰিছে৷ তেনেস্থলত আব্দুল হান্নান কেনেকৈ মাফিয়া হ’ল বুলি প্রশ্ণ কৰে৷ ক’ভিডৰ বাবে প্রায় দুটা বছৰ চুপাৰি ব্যৱসায় বন্ধ হৈ আছে বুলি মন্তব্য কৰি কয় যে পৰিকল্পিতভাৱে বাবলুক গ্রেপ্তাৰ কৰি আৰক্ষীয়ে গুলীয়াইছে৷ গুলীচালনা কৰা ঘটনা সম্পূর্ণ পৰিকল্পিত বুলি অভিযোগ কৰি আৰক্ষীয়ে আব্দুল হান্নানক হত্যা কৰাৰ ষডযন্ত্র কৰা বুলি অভিযোগ কৰে৷

বঙাইগাঁও থানাত পঞ্জীয়নভুক্ত ৪৬০/২০২১ গোচৰত আব্দুল হান্নান কোনোপ্রকাৰে অভিযুক্ত নহয় বুলি উল্লেখ কৰি কয় যে হেণ্ডকাফ লগোৱা অৱস্থাত কেনেকৈ পলাব পাৰে বুলি প্রশ্ণ কৰে প্রতিষ্ঠানটোৰ কর্মচাৰীসকলে৷ সংবাদ মেলত আৰু কয়, ২০১৭ চনৰ পৰা বাবলুয়ে চুপাৰিৰ ব্যৱসায় কৰি আহিছিল৷ এই চুফাৰি ব্যৱসায়ৰ জৰিয়তে বাবলুৱে বহু লোকক সংস্থাপন দি আহিছে৷ এই ব্যৱসায়ত প্রত্যক্ষ বা পৰোক্ষভাৱে হাজাৰোধিক লোক উপকৃত হৈ আহিছে৷ ক’ভিডৰ বাবে প্রায় দুটা বছৰ বাবলুৰ চুপাৰি ব্যৱসায় বন্ধ হৈ থকাৰ পাছতো বঙাইগাঁও আৰক্ষীয়ে কত পালে সেইখন চুপাৰিভর্তি ড্রাক? সংবাদ মেলত আৰক্ষী, চৰকাৰকো সমালোচনা কৰে প্রতিষ্ঠানটোৰ কর্মচাৰীসকলে৷ আনফালে বাবলুৰ এই ঘটনাৰ ন্যায় বিচাৰি একাংশ লোকে হাতে হাতে প্লে–কার্ড লৈ ৰাজপথত প্রতিবাদ সাব্যস্ত কৰে৷

You might also like