নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী গ্ৰন্থমেলাত শিৱজিত দত্তৰ ‘বিদৰ্ভ অভিমুখে এৰাতি’

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ বিশিষ্ট নিবন্ধকাৰ তথা সাহিত্য সমালোচক শিৱজিত দত্তৰ একমাত্ৰ কবিতা সংকলন ‘বিদৰ্ভ অভিমুখে এৰাতি’ শীৰ্ষক কবিতা সংকলনখন আজি বিপণীস্থ হয় গুৱাহাটী গ্ৰন্থমেলাত।

স্পন্দন প্ৰকাশনে প্ৰকাশ কৰা কবিতা পুথিখনত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা পুৰস্কৃত কবিতা ‘ইনফাৰ্নত এযুগ’ কবিতাটিকে ধৰি বহুকেইটা লেখত ল’বলগীয়া কবিতা সন্নিৱিষ্ট কৰা হৈছে।

সমকালীন পৰিস্থিতিৰ এগৰাকী খ্যাতিমান সমালোচক তথা ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা দত্তই ইয়াৰ আগতে বাৰ্ট্ৰাণ্ড ৰাছেলৰ Religion and Science গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছিল।

You might also like