নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত গোপনে আৱাসিক এলেকাত লুকুৱাই থোৱা ৫৪৫ টা এইচ পি গেছৰ চিলেণ্ডাৰ উদ্ধাৰ

আৰক্ষী - যোগান বিভাগৰ অভিযানত জব্দ হল বৃহৎ পৰিমাণৰ খালী চিলেণ্ডাৰ

নিয়মীয়া বাৰ্তা  ২ নৱেম্বৰ : চিৰাং জিলাৰ বিজনীত এক আৱাসিক অঞ্চলত অবৈধভাৱে মজুত ৰখা পাচ শতাধিক গেছৰ চিলেণ্ডাৰ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । সোমবাৰে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষী , যোগান বিভাগৰ দলে অভিযান চলাই সুদেমপুৰী আৱাসিক স্কুলৰ পৰা ৫৪৫ টা খালী চিলিণ্ডাৰ জব্দ কৰে  ৷ বিগত কেইবা বছৰ ধৰি বন্ধ স্কুলখনত আশা এইচ পি গেছ চাৰ্ভিচৰ তৰফৰ পৰা চিলেণ্ডাৰসমুহ ৰখা বুলি জানিব পৰা গৈছে ৷ গেছ এজেন্সিটোৰ মালিক সমেশ্বৰ বসুমতাৰীয়ে ২০১৯ চনৰ পৰা চিলেণ্ডাৰসমুহ ৰাখিছিল বুলি চৌহদৰ মালিক খনীন ব্ৰহ্মই জানিব দিছে ৷ গেছ এজেন্সিটোৰ বিভাগীয়ভাৱে অনুমোদ লাভ কৰা গুদামগৃহটো আমগুৰীত যদিও দুই কিলোমিটাৰ দূৰত্বত এইদৰে অবৈধভাৱে চিলেণ্ডাৰ মজুতকৰণক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷  গেছ এজেন্সিটোৰ পৰা ৰন্ধনজ্যোতি , উজালা আদি বিভিন্ন চৰকাৰী আঁচনিৰ নামত ব্যাপক দুৰ্নীতি – অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। হিতাধিকাৰীৰ নামত চিলেণ্ডাৰ আৱন্টন হোৱাৰ পিছতো বহুতে এজেন্সিত তাত বাতি কাঢ়ি থকাৰ অভিযোগ পোৱা গৈছে ৷

ইফালে , এজেন্সিৰ গুদামত কাগজে কলমে থকা চিলেণ্ডাৰৰ বিপৰীতে অতিৰিক্ত চিলেণ্ডাৰসমুহ গোপনে মজুত কৰি ৰখাৰ আৰত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে ৷ চিৰাং জিলা আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই গোপন সুত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীৰ লগতে যোগান বিভাগৰ দল উপস্থিত হৈ অবৈধ চিলেণ্ডাৰ মজুত গৃহত অভিযান চলায় ৷ যোগান বিভাগে চিলেণ্ডাৰসমুহ জব্দ কৰি এজেন্সীটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ৷ বিভাগীয় কতৃপক্ষৰ কোনো অনুমতি অবিহনে এইদৰে সুৰক্ষা ব্যৱস্থাক ভেঙুচালি কৰি আৱাসিক এলেকাত  চিলেণ্ডাৰ মজুত কৰি ধৰা পৰাৰ পিছত সম্প্ৰতি বিভাগীয় কতৃপক্ষৰ একাংশ বিষয়াক মেনেজ কৰাৰ বাবে এজেন্সিটোৰ স্বত্বাধিকাৰীয়ে তৎপৰ হৈ পৰা বুলি জানিব পৰা গৈছে ৷

You might also like