ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধ কাৰ্যসূচীৰ অধীনত বিজনীত চেনিটাইজকৰণ
নিয়মীয়া বাৰ্তা ২১মে’: ক’ভিড-১৯ প্ৰতিৰোধ কাৰ্যসূচীৰ অধীনত বিজনী পৌৰসভাৰ উদ্যোগত
বিজনী চহৰৰ বেংক, এ টি এম, বজাৰ এলেকাৰ দোকান সমূহত অগ্নি নিৰ্বাপক বাহিনীৰ জৰিয়তে চেনিটাইজেটন কৰা হয় | কভিড ১৯ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ বিজনী আস্থানৰ অগ্নি নিৰ্বাপিত বাহনত শক্তিশালী ভাইৰাছ নাশক ৰাসায়নিক দ্ৰব্য মিহলাই চেনিটাইজকৰণ কৰা হয়। এই কাৰ্যত বিজনী পৌৰসভাৰ কৰ্মকৰ্তা সকলে সহায়তা কৰে | বিজনী পৌৰসভাৰপৰা নিয়োজিত প্ৰতিনিধিয়ে প্ৰকাশ কৰা মতে, আজি দ্বিতীয় বাৰৰ বাবে চহৰ খনৰ বিভিন্ন ঠাইত চেনিটাইজেটন কৰা হৈছে ৷ পৰবৰ্তী দিনতো চেনিটাইজেটন অব্যাহত ৰখা হ’ব।